কৰ’না কালত হিমাচলত দৈনিক ভিৰ ১৮,৫০০ পৰ্যটকৰ : ৰচিলে অভিলেখ

tourist 3

কৰ’না ভাইৰাছৰ দ্বিতীয় টৌ দেশত অব্যাহত থকাৰ সময়তে হিমাচল প্রদেশত পর্যটন কেন্দ্ৰত পর্যটকৰ যথেষ্ট ভিৰ প্রত্যক্ষ হৈছে। ইতিমধ্যে দেশত কৰ’নাৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ শংকা বৃদ্ধি পাইছে যদিও ক’ভিডৰ সম্ভাৱ্য নতুন ঢৌক অংগুষ্ঠ প্রদর্শন কৰি প্রতিদিনে গড়ে ১৮,৫০০ পর্যটকে হিমাচল প্ৰদেশত এতিয়া ভিৰ কৰিছে।

হিমাচল প্রদেশ আৰক্ষীৰ সঞ্চালকপ্ৰধানে পর্যটকৰ এনে অভিলেখসংখ্যক ভিৰত কৰ’নাৰ সংক্রমণ বৃদ্ধি পাব বুলি শংকা প্ৰকাশ কৰি কয় যে পূর্বে স্বাভাৱিক পৰিস্থিতিতে একেলগে ইমান বৃহৎসংখ্যক পর্যটকে ৰাজ্যখনত ভিৰ কৰা নাছিল।

যােৱা সােমবাৰে হিমাচল প্রদেশৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰে কৈছিল যে কৰ’না মহামাৰীৰ ফলত ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ সর্বাধিক লােকচান হৈছিল। সেয়েহে পর্যটকৰ আগমনক বাধা দিয়া উচিত নহ’ব বুলি মুখ্যমন্ত্রীজনে মত প্রকাশ কৰিছিল।

দেশৰ কেৰালাকে ধৰি বহু অঞ্চলত কৰ’নাৰ সংক্রমণ এতিয়াও উদ্বেগজনক হৈ আছে আৰু ইয়াৰ পাছতাে একেলগে বৃহৎসংখ্যক পর্যটকে ৰাজ্যখনত এইদৰে ভিৰ কৰাত কৰ’নাৰ সংক্রমণ বৃদ্ধিৰ শংকা প্রকট কৰিলে।

Exit mobile version