চীনত আৰম্ভ হ’ল ঘণ্টাত ৬০০ কিলোমিটাৰ দূৰত্ব গতিৰ ৰেলৰ সেৱা

Xinhua

চীনত মঙলবাৰৰ পৰা আৰম্ভ হৈছে প্ৰতি ঘণ্টাত ৬০০ কিলোমিটাৰ দূৰত্ব ৰাওনা হ’ব পৰা দ্ৰুতবেগী মেগলেভ ৰেলৰ সেৱা । এইখন ৰেল হৈছে বিশ্বৰ ভিতৰতে সবাতোকৈ দ্ৰুতগতিৰে ভূমিৰ যাত্ৰা কৰিব পৰা অত্যাধুনিক প্ৰযুক্তিৰ মেগলেভ ৰেল ।

চীনে এইখন ৰেল সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে তৈয়াৰ কৰি উলিয়ালে । ইলেক্ট’-মেগনিক বলৰ জৰিয়তে এইখন ৰেলে চলাচল কৰে । চকা অবিহনে মেগলেভ ৰেলে অতি সহজে প্ৰতিঘণ্টাত ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে যদিও চীনত তৈয়াৰ কৰা এইখন ৰেলে ৬০০ কিলোমিটাৰ গতিৰে প্ৰতিঘণ্টাত ৰাওনা হ’ব পাৰে ।

চীনে শেহতীয়াভাৱে মেগলেভ ৰেলৰ প্ৰকল্পত অধিক গুৰুত্ব দিছে । ঘণ্টাত ৬০০ কিলোমিটাৰ গতিৰে চলাচল কৰা এইখন ৰেলে বেইজিঙৰ পৰা চাংঘাইলৈ যাত্ৰা কৰোতে মাত্ৰ আঢ়ৈ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব ।

Exit mobile version