বৃদ্ধি পাইছে এণ্টিব’ডী, ছেৰ’ সমীক্ষা

ছয় বছৰ বয়সৰ ঊৰ্ধ্বৰ জনসংখ্যাৰ প্ৰায় ৬৭.৬ শতাংশৰ শৰীৰত ক’ভিডৰ বিৰুদ্ধে যুঁজিব পৰা এণ্টিব’ডীৰ সন্ধান পোৱা গৈছে ভাৰতত । এই সংখ্যা সমগ্ৰ দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ । কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পাছত মূলতঃ জুন-জুলাইত এই সমীক্ষা কৰা হয় দেশজুৰি । কিন্তু সংক্ৰমণ নে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে এই এণ্টিব’ডী তৈয়াৰ হৈছে সঠিকভাৱে জনাব পৰা নাই ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ (আইচিএম‌আৰ)ৰ চতুৰ্থ ছেৰ’ সমীক্ষাই ।

এইবাৰৰ তেজ পৰীক্ষাৰ দ্বাৰাই দুয়োটা বিষয় স্পষ্ট । প্ৰথমতে, কৰ’নাৰ দ্বিতীয় ঢৌত জ্যেষ্ঠসকলৰ লগতে সৰুসকলো সমানে আক্ৰান্ত হৈছে । দ্বিতীয়তে, জনবসতিত কৰ’নাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা (হাৰ্ড ইমিউনিটী) ক্ৰমশঃ বৃদ্ধি পাইছে । বিজ্ঞানীসকলৰ অনুসৰি, জনবসতিত ৭০ শতাংশৰ পৰা ৮০ শতাংশ মানুহৰ হাৰ্ড ইমিউনিটী তৈয়াৰ হৈ গ’লে অন্যান্যৰ দৰে এই ৰোগো সাধাৰণ হৈ পৰিব । যোৱা জানুৱাৰীত প্ৰথম ঢৌত দেশৰ ২৮ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছিল । জুন-জুলাইত কৰা সমীক্ষাৰ পৰা স্পষ্ট যে, দেশৰ বিভিন্ন প্ৰান্তত তলাবন্ধ জাৰি কৰাৰ স্বত্বেও সংক্ৰমণ হৈছিল ।

সংক্ৰমণৰ তৃতীয় ঢৌ দুৱাৰদলিত । স্বাস্থ্যকৰ্মীসকলে কয়, ছেৰ’ সমীক্ষাৰ পৰা স্পষ্ট যে, এতিয়াও দেশৰ প্ৰায় ৪০ কোটি লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পৰিস্থিতিত আছে । আজি আইচিএম‌আৰৰ প্ৰধান বলৰাম ভাৰ্গৱে কয়, জনবসতিত ৬৭ শতাংশৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা অন্ধকাৰত ৰশ্মিৰ সদৃশ । দেশে হাৰ্ড ইমিউনিটীৰ দিশত আগবাঢ়িলেও যাতে ক’ভিড বিধি উলংঘন নকৰে বুলি সতৰ্কবাণী দিয়ে ভাৰ্গৱে । তেওঁৰ মতে, ছেৰ’ সমীক্ষা অনুযায়ী দেশৰ ৪০ কোটি লোক যিকোনো সময়ত ক’ভিডত আক্ৰান্ত হ’ব পাৰে । সেয়ে তৃতীয় ঢৌৰ আগতে সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব দেশবাসীয়ে ।

২১খন ৰাজ্যৰ ৭০খন জিলাৰ ২৮,৯৭৫ জনৰ ওপৰত চতুৰ্থ পৰ্যায়ৰ ছেৰ’ সমীক্ষা কৰিছিল আইচি‌এম‌আৰে । এই সমীক্ষাত ৰক্ত সংগ্ৰহ কৰা হৈছিল ৭,২৫২জন স্বাস্থ্যকৰ্মীৰ পৰাও । সমীক্ষাত ৮৫ শতাংশ স্বাস্থ্যকৰ্মীসকলৰ এণ্টিব’ডী পোৱা গৈছে । মুঠ স্বাস্থ্যকৰ্মীসকলৰ ১০.৫ শতাংশ সমীক্ষাত জনোৱা হয় যে, তেওঁলোকে এই পৰ্যন্ত প্ৰতিষেধক গ্ৰহণ কৰা নাই ।

প্ৰথম তিনিটা ছেৰ’ সমীক্ষা যিকেইটা অঞ্চলত কৰা হৈছিল, চতুৰ্থ সমীক্ষাত সেই অঞ্চলসমূহৰ পৰাই নমুনা সংগ্ৰহ কৰা হয় । এইবাৰৰ সমীক্ষাত পুনপ্ৰথমবাৰৰ বাবে ছবছৰৰ ঊৰ্ধ্বৰ শিশুসকলক অন্তৰ্ভুক্ত কৰা হৈছিল । সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ৪৫-৬০ বছৰ বয়সৰসকল আটাইতকৈ বেছি সংক্ৰমিত হৈছে ।

৬২.২ শতাংশৰ এই পৰ্যন্ত টিকাকৰণ হোৱা নাই । প্ৰতিষেধক প্ৰাপকসকলৰ ভিতৰত ২৪.৮ শতাংশই প্ৰথম পালি আৰু ১৩ শতাংশই দ্বিতীয় পালি লাভ কৰিছে । ৬-১২ বছৰ বয়সৰ শিশু আৰু অল্পবয়সীসকলৰ ভিতৰত কৰ’না আক্ৰান্ত হোৱাৰ হাৰ ৫৭.২ শতাংশ । সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে, চহৰ-গাঁও বা মহিলা-পুৰুষৰ সংক্ৰমণৰ হাৰ প্ৰায় সমান ।

Exit mobile version