সুৰংগত ৪০ ঘণ্টা আৱদ্ধ ৰেল, ভয়াবহ বান চীনৰ ২২ চহৰত

80700 04 flooding in china people stuck on train water up to their shoulders

সুৰংগত আৱদ্ধ হৈ আছে ট্ৰেইন । প্ৰদেশত থকা যাত্ৰীসকলৰ বুকু লৈকে পানী । প্ৰাণ ৰক্ষা কৰিবলৈ ছিটৰ ওপৰত থিয় হৈ আছে যাত্ৰীসকলে । উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে সেনাবাহিনীয়ে । এনেধৰণৰে এক দৃশ্য দেখা চীনৰ এটা ভাইৰেল ভিডিঅ’ত । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, চীনত প্ৰবল বন্যা পৰিস্থিতিত এখন ট্ৰেইন সুৰংগত আৱদ্ধ হৈ পৰে । যাত্ৰীৰ কান্ধ, বুকুৰ সমান পানী । উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে দেশখনৰ সেনাবাহিনীয়ে । চীনৰ বানত এই পৰ্যন্ত ১২ জন লোকে প্ৰাণো হেৰুৱাইছে ।

সোমবাৰৰ পৰা দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে চীনৰ হেনান প্ৰদেশত । প্ৰদেশখনৰ ২২ খন চহৰ জলমগ্ন হৈছে । সুৰংগত ৰেল আৱদ্ধ হোৱাৰ ঘটনাটো সংঘটিত হৈছে ঝেংঝ‌ও চহৰত । চহৰখনৰ এটা সুৰংগত সোমোৱাৰ পাছত পানীৰ ফলত আৱদ্ধ হৈ পৰে ট্ৰেইনখন ।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, চালকে সম্ভৱতঃ পানীৰ পৰিমাণ অনুমান কৰিব নোৱাৰি সুৰংগৰ তলেৰে ট্ৰেইন পাৰ কৰাৰ চেষ্টা কৰিছিল । কিন্তু সুৰংগৰ টানেলত পানী বেছি পৰিমাণে থকাৰ বাবে এই চেষ্টা সফল নহয় । প্ৰায় সাতশজন যাত্ৰীসহ আৱদ্ধ হৈ পৰে ট্ৰেইনখন । যাত্ৰীসকলে ফোন, সামাজিক মাধ্যমৰ সহায়ত বাৰ্তা প্ৰেৰণ কৰে প্ৰশাসনক । পৰৱৰ্তী সময়ত দুৰ্যোগ প্ৰশমন বাহিনী আৰু সেনাই উদ্ধাৰ কাৰ্য আৰম্ভ কৰে । আৱদ্ধ হৈ থকা যাত্ৰীসকলক খোৱা পানী, খাদ্যৰ যোগান ধৰে তেওঁলোকে । প্ৰায় ৪০ ঘণ্টা আৱদ্ধ হৈ থকাৰ পাছত সুৰংগৰ পৰা যাত্ৰীসকলক উলিয়াই অনা সম্ভৱ হয় ।

হেনান প্ৰদেশত প্ৰায় ১০ কোটি মানুহে বাস কৰে ‌। বতৰ বিজ্ঞান কেন্দ্ৰই আগতেই প্ৰৱল বৃষ্টিপাতৰ সতৰ্কবাৰ্তা দিছিল । সোমবাৰে আৰু মঙলবাৰে প্ৰৱল বৃষ্টিপাত হয় প্ৰদেশখনত । নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত ববলৈ আৰম্ভ কৰে । কিছুমান অঞ্চলত নদীৰ বান্ধ মেৰামতি কাৰ্যত লাগিছে সেনাবাহিনী ।

২০খনৰো অধিক চহৰ বানৰ কৱলত পৰিছে । অধিক সংখ্যক পথত মানুহৰ সমান উচ্চতাত পানী হৈছে । পানীত ডুব গৈছে ষ্টেচনবোৰো । প্ৰৱল বৃষ্টিপাতৰ বাবে হেনানৰ বহু ঠাইত বিমান আৰু ৰেল সেৱা স্থগিত কৰা হৈছে । স্থানীয় বাসিন্দাসকলে জনায় যে, বিগত এশ বছৰত এনে ধৰণৰ ঘটনা এইয়ে প্ৰথম । দেশৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ছি জিনপিঙেও ।

Exit mobile version