ৰোহিংগা সন্ত্ৰাসবাদীক সহায় পাকিস্তানৰ, বাংলাদেশত জেহাদ সৃষ্টিৰ ষড়যন্ত্ৰ

56963098 303

পুনৰ প্ৰকাশ্য হ’ল পাকিস্তানৰ কূটকৌশল । ম্যানমাৰত ৰোহিংগা সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা প্ৰদান কৰিছে পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থাই আই এছ আয়ে । একে সময়তে বাংলাদেশৰ ৰোহিংগা শৰণাৰ্থী শিবিৰতো জেহাদৰ বিষবাষ্প বিয়পাই দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হ’ল পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ বিৰুদ্ধে ।

প্ৰকাশিত বাতৰি অনুসৰি, ম্যানমাৰৰ সন্ত্ৰাসবাদী সংগঠন আৰাকান ৰোহিংগা ছালভেচন আৰ্মিক গোপনে সহযোগিতা আগবঢ়াইছে আই এছ আয়ে ।

ৰোহিংগাসকলৰ এই সন্ত্ৰাসবাদী সংগঠনৰ স’তে আই এছ আই আৰু তেহৰিক-ই-তালিবান পাকিস্তানৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পূৰ্বৰ পৰা যোগাযোগ আছে । ম্যানমাৰৰ পৰা পলায়ন কৰি চাৰে সাত লাখৰো অধিক ৰোহিংগাই বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু সম্প্ৰতি বাংলাদেশত থকা ৰোহিংগা শৰণাৰ্থীৰ সংখ্যা ১১ লাখ হৈছেগৈ ।

ৰোহিংগা সন্ত্ৰাসবাদীক পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে সন্ত্ৰাস সৃষ্টিত ব্যৱহাৰৰ কূটকৌশল ৰছাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে ।

Exit mobile version