এহেজাৰ পাঁচশ মাস্কৰে তৈয়াৰী বিয়াৰ গাউন পৰিধান কৰিলে লণ্ডনৰ ক‌ইনাই

ed8cdc9e19ab39b1c127d460f8e681e9Y29udGVudHNlYXJjaGFwaSwxNjI2Nzk4MTUw 2.61028785

মাস্ক, পিপিই কিটৰ বাবে বৃদ্ধি পাইছে আৱৰ্জনাও । ফলত, ব্যৱহৃত মাস্ক পিপিই কিটৰ কি কৰা হ’ব সেইয়াই চিন্তনীয় বিষয় হৈ পৰিছে । যদি ইয়াক কিবা প্ৰকাৰে অন্য কোনো কামত ব্যৱহাৰ কৰিব পাৰি, ক্ষতি কি ? তেনে ধৰণৰে কাম কৰিলে লণ্ডনৰ এগৰাকী পোছাক ডিজাইনাৰে । তেওঁ এটা বিয়াৰ গাউন তৈয়াৰ কৰি উলিয়ালে এহেজাৰ পাঁচশটা মাস্কেৰে ।

গাউনৰ ভিতৰত তেওঁ প্লাষ্টিক পিপিই কিট ব্যৱহাৰ কৰিছে । এই অদ্ভূত উপাদানেৰে প্ৰস্তুত কৰা গাউনে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

‘হিচড’ নামৰ এটা ৱেডিং ৱেবছাইটৰ মাধ্যমত এই পোছাক প্ৰস্তুত কৰাৰ অৰ্ডাৰ পাইছিল ডিজাইনাৰ টম ছিলভাৰ‌উডে । সম্প্ৰতি লণ্ডনত বিবাহ অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে । নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ প্ৰথম দিনাই লণ্ডনৰ চেণ্ট পলছ কেথিড্ৰল চাৰ্চত যি বিবাহ অনুষ্ঠিত হয়, সেই বিবাহৰ ক‌ইনাই এই মাস্কৰে তৈৰী গাউন পৰিধান কৰিছিল । সংস্থাটোৰ তৰফৰ পৰা কোৱা হয় যে, প্ৰতিদিনে ১০ কোটিৰো অধিক মাস্ক ব্ৰিটেইনত বাতিল কৰা হয় । সেই মাস্কৰে এনেধৰণৰ সৃষ্টি কৰিলে, প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পাব ।

সংস্থাৰ সম্পাদক ছাৰাহ আলাৰ্ডে কয়, ‘ব্ৰিটেইনত পুনৰ বিবাহ অনুষ্ঠান আৰম্ভ হোৱাত আমি বহুত সুখী । এই গ্ৰীষ্মত হেজাৰ হেজাৰ বিবাহ অনুষ্ঠান হ’ব । যুগলৰ বাবে পুনৰ ভাল সময় ঘূৰি আহিছে ।’

Exit mobile version