দ্বিতীয় বিশ্বযুদ্ধতকৈও কৰ’নাত অধিক ক্ষতি আমেৰিকাৰ, গড় আয়ুস হ্ৰাস

1594140053 2020 07 07t161155z 1 lynxmpeg661cu rtroptp 4 health coronavirus

মহাশক্তি হিচাপে পৰিচিত আমেৰিকাক কৰ’না ভাইৰাছৰ সংক্ৰমণে মাধমাৰ শোধালে । আমেৰিকাত কৰ’না কালত ইমান বৃহৎসংখ্যক লোকৰ মৃত্যু হ’ল যে দেশখনৰ গড় আয়ুস অৱনমিত হ’ল ।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰ আমেৰিকাত মানুহৰ গড় আয়ুস ইমান অধিক হ্ৰাস পালে । আমেৰিকাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি, মাৰ্কিন নাগৰিকসকলৰ গড় আয়ুস হ্ৰাস পোৱা ৭৪ শতাংশ কাৰণ হৈছে কৰ’নাৰ সংক্ৰমণ ।

স্বাস্থ্য বিভাগৰ পৰিসংখ্যা অনুসৰি, যোৱা বছৰত আমেৰিকাত ৩৩ লাখ লোকৰ মৃত্যু হ’ল । এইসকল মৃতকৰ ১১ শতাংশৰ মৃত্যুৰ কাৰণ আছিল কৰ’নাৰ সংক্ৰমণ । মাৰ্কিন স্বাস্থ্য বিভাগৰ মতে, ইয়াৰ পূৰ্বৰ বৰ্ষসমূহত দেশখনত কেতিয়াও ইমান বৃহৎসংখ্যক লোকৰ মৃত্যু হোৱা নাছিল ।

ইউনিভাৰ্চিটী অৱ টেক্সাছৰ অধ্যাপক মাৰ্ক হেৱাৰ্ডে কয় যে, ২০২০ বৰ্ষত প্ৰথমবাৰৰ বাবে মাৰ্কিন নাগৰিকৰ গড় আয়ুস এইদৰে কৰ’নাই প্ৰভাৱিত কৰিলে ।

Exit mobile version