বলিউডৰ উদ্যোগ আচলতে নর্দমাহে, পর্ণকাণ্ডত সৰৱ কংগনা

kangana ranaut koo app

বলিউডে হওক বা সামাজিক কোনাে বিষয়তে হওক, বিতর্ক সৃষ্টি হ’লেই সৰৱ হৈ উঠে বলিউড অভিনেত্রী কংগনা ৰণৌট। এইবাৰ জনপ্রিয় অভিনেত্রীগৰাকীয়ে ৰাজ কুন্দ্রাৰ গ্রেপ্তাৰৰ প্ৰসংগত নিজৰ মত প্ৰকাশ কৰিলে।

কংগনাই স্পষ্টভাৱে কয় যে বলিউডৰ এই লেতেৰা নর্দমা পৰিষ্কাৰ কৰিবলৈ এইবাৰ তেওঁ নিজে নামিব। অভিনেত্রী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে দীর্ঘদিন ধৰি অশ্লীল ছবি নির্মাণ আৰু ব্যৱসায়ৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিছে।

এই খবৰ লাভৰ পাছতে সামাজিক মাধ্যমত গজি উঠি আকৌ এবাৰ বলিউডক ‘লেতেৰা নর্দমা’ অভিহিত কৰি কংগনাই কয়, মই বলিউডৰ উদ্যোগক এই কাৰণতে নর্দমা বুলি কওঁ।

চিকমিকালেই সকলাে সােণ হৈ মুঠে, সেই কথা আকৌ এবাৰ প্রমাণিত হ’ল। মই কথা দিলাে, মােৰ আগন্তুক ছবিত বলিউডৰ সকলাে লেতেৰা উন্মােচিত কৰিম। বলিউডৰ সকলাে মুখা উন্মােচিত হ’ব ‘টিকু ৱেডছ ছে’ ছবিত। সৃষ্টিশীল উদ্যোগত শক্তিশালী আন্তঃগাঁথনিৰ প্ৰয়ােজন, কঠোৰ অনুশাসন থাকিলেহে সুস্থ স্বাভাৱিক উদ্যোগ তৈয়াৰ সম্ভৱ হ’ব।

Exit mobile version