বিশ্বৰ প্ৰবীণতম মহাকাশচাৰী ৱালী ফাংক

wally funk 2

অৰ্ধেক বিশ্ব‌ই এতিয়াও মহামাৰীৰ বিৰুদ্ধে যুঁজি আছে । বহু দেশৰ অৰ্থনীতি প্ৰায় নিম্নগামী । ইখন দেশৰ পৰা সিখন দেশ ভ্ৰমণ কৰাই কঠিন । কিন্তু এই সকলোবোৰৰ বিপৰীতে কিছুসংখ্যকে কৰিছে ‘মহাকাশ ভ্ৰমণ’ । বিগত নদিনৰ ভিতৰত দুই ধনকুবেৰ ৰিচাৰ্ড ব্ৰেনচন আৰু জেফ বেজ’ছে তেওঁলোকৰ ‘নিজস্ব’ মহাকাশযানত ভ্ৰমণ কৰিলে মহাকাশ । এয়া মহাকাশ ভ্ৰমণ, নে ভ্ৰমণৰ ভৱিষ্যৎ ?

অমাজনৰ প্ৰতিষ্ঠাপক বেজ’ছৰ তিনি সহযাত্ৰীৰ ভিতৰত অন্যতম ৱালী ফাংক । ৮২ বছৰ বয়সত তেওঁ জন গ্লেনৰ অভিলেখ ভংগ কৰি হ’ল প্ৰবীণতম মহাকাশ অভিযাত্ৰী । ১৯৬১ত ৱালীয়ে ‘মাৰ্কাৰি ১৩’ মহাকাশ মিছনত অংশগ্ৰহণ কৰিবৰ বাবে নাছাৰ পৰা আমন্ত্ৰণ লাভ কৰে । এই মিছনতেই নাছাই প্ৰথমবাৰ মহিলা মহাকাশচাৰীৰ কথা ভাবিছিল । ইয়াৰ পূৰ্বে মিলিটেৰী পাইলট হিচাপে যথেষ্ট ‘উৰন-ঘণ্টা’ অৰ্জন কৰিছে ফাংকে । এয়া সেই সময়ৰ কথা যেতিয়া আমেৰিকাত মহিলাই স্বামীৰ অনুমতি অবিহনে ঘৰৰ মৰ্টগেজত স্বাক্ষৰ বা ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিছিল । কৰ্মক্ষেত্ৰত মহিলাসকলক সেই সময়ত নাৰ্ছ, ৰিচেপছনিষ্ট বা শিক্ষয়িত্ৰীৰ বাহিৰে অন্য কোনো ভূমিকাত কল্পনাই কৰা নাছিল !

মহিলাৰ শৰীৰ মহাকাশত কেনেদৰে, কিমান অনুকূল হ’ব তাৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছিল নাছাই । ১০-৩০ ঘণ্টা জুৰা পৰীক্ষা-নিৰীক্ষাৰ পাছত দেখা যায় যে, শাৰীৰিক সক্ষমতাত নাৰী-পুৰুষৰ সন্মিলিত তালিকাত ৱালী যথেষ্ট ওপৰত আছিল । কিন্তু বয়সত তেওঁ সকলোতকৈ সৰু আছিল । সেইবাৰ তেওঁৰ মহাকাশ ভ্ৰমণ অসফল হয় কাৰণ, ‘মাৰ্কাৰি ১৩’ মিছন বাতিল হৈ যায় । ইয়াৰ পাছত চাৰিবাৰ নাছাৰ বিভিন্ন মিছনত আবেদন কৰিছিল ফাংকে । তেওঁৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী নথকাৰ বাবে নাছাই আবেদন নাকচ কৰে ।

ৱালীয়ে ১৯ হেজাৰ ছশ ঘণ্টা বিমান চলাইছে । তেওঁ হেজাৰৰো অধিক লোকক বিমান চলোৱা শিকাইছে । এনে কোনো ধৰণৰ ব্যক্তিগত বা বাণিজ্যিক পাইলট লাইচেন্স নাই, যিটো ৱালীৰ নাছিল । তেওঁৰ কৰ্মশক্তি আৰু উৎসাহে যুৱকপ্ৰজন্মকো লজ্জিত কৰিব । কেৱল মহাকাশতে অৱতৰণ কৰা নাছিল ইমান দিনে । ৮২ বছৰ বয়সত তেওঁৰ একমাত্ৰ আধৰুৱা উৰনৰ স্বপ্ন‌ও, অৱশেষত পূৰণ হ’ল ।

Exit mobile version