ভাৰতত ক’ভিডত ১৪ মাহত ১.১৯ লাখ শিশু হ’ল অনাথ

sop for states soon to help kids orphaned due to covid

কৰ’না ভাইৰাছৰ মহামাৰীৰ প্ৰথম ১৪ মাহৰ সময়ছােৱাত ভাৰতত এক লাখ ১৯ হেজাৰ শিশুসহ বিশ্বৰ ২১ খন দেশত মুঠ ১৫ লাখৰাে অধিক শিশু অনাথ হ’ল।

নেচনেল ইনষ্টিটিউট অন ড্রাগ এবিউজ (এন আই ডি এ) আৰু নেচনেল ইনষ্টিটিউট অৱ হেৰ্থ (এন আই এইচ)ৰ যৌথ অধ্যয়নত প্রকাশিত তথ্য অনুসৰি ভাৰতত ২৫,৫০০ টা শিশুৱে ক’ভিড ১৯ সংক্ৰমণৰ ফলত নিজৰ মাতৃক আৰু ৯০,৭৫১টা শিশুৱে নিজৰ পিতৃক হেৰুৱালে।

আনহাতে, ১২টা শিশুৱে দেশত কৰ’নাৰ কবল চিৰদিনৰ বাবে পিতৃ-মাতৃক হেৰুৱাই অনাথ হ’ল। এই অধ্যয়নৰ তথ্য অনুসৰি বিশ্বজুৰি ক’ভিড কালত ১১,৩৪,০০০ শিশুৱে কৰনাৰ ফলত নিজৰ পিতৃ-মাতৃ বা প্রতিপালনকাৰী ককা-আইতাকক চিৰদিনৰ বাবে হেৰুৱালে।

এইসকল শিশুৰ ১০,৪২,০০০ শিশুৱে ক’ভিড কালত পিতৃ, মাতৃ অথবা দুয়ােজনকে হেৰুৱালে।

Exit mobile version