মৃত্যুৰ আশংকাতো ভুগিছিল আমেৰিকাৰ এক মডেলে

নিটোল নিতম্বৰ বাবে ব্যয় কে’বা লক্ষ ডলাৰ

Screenshot 58

নিটোল নিতম্বৰ সন্ধান কৰি পানীত পেলালে লাখ লাখ ডলাৰ। অথচ নিতম্ব ‘নিখুঁত’ হােৱাটো দূৰৰে কথা, ওলােটাই প্ৰাণৰ আশংকা ভুগিবলগীয়া হৈছিল আমেৰিকাৰ এগৰাকী মডেলে।

ডানি বেংকছু নামৰ এই মডেলগৰাকীয়ে সম্প্রতি নিজৰ দুৰ্গতিৰ কথা সদৰী কৰিছে। আমেৰিকাৰ এক জনপ্রিয় ৰিয়েলিটী টিভি ছিৰিজত নিতম্বক কেন্দ্ৰ কৰি ‘পৰীক্ষা-নিৰীক্ষা’ৰ সময়ত ডানিয়ে নিজৰ কাহিনী জানিবলৈ দিয়ে।

মডেলগৰাকীয়ে জনাইছে যে নিতম্ব নিখুঁত কৰাৰ বাবে তেওঁ বছৰৰ পাছত বছৰ ধৰি অস্ত্রোপচাৰ কৰিছিল বা বেজি ল’বলগীয়া হৈছিল। অথচ এই কার্যত মুঠ সাত হেজাৰ ৩০৯ পাউণ্ড (ভাৰতীয় মুদ্রাত প্রায় সাত লাখ ৪৬ হেজাৰ ৭৬৮ টকা) ব্যয় হলেও নিজৰ পছন্দৰ নিতম্ব তেওঁ লাভ কৰিব নােৱাৰিলে।

ডানিয়ে লগতে কয় যে এতিয়া তেওঁৰ নিতম্বত ‘খুঁত’ থাকি গ’ল। ২১ বছৰীয়া মডেল ডানিৰ ইনস্টাগ্রামত ৬০ লাখ ৫০ হেজাৰৰাে অধিক অনুগামী আছে। সকলাে অনুগামীক সকলাে কথা তেওঁ মুকলিভাৱে জনাইছে।

ৰিয়েলিটী শ্ব’ৰ দুই প্লাষ্টিক ছার্জন পল নাছিফ আৰু টেৰী ডাবৰােৰ প্রশ্নৰ উত্তৰ দিবলৈ গৈ ডানিয়ে সদৰী কৰিছে আৰু ভয়ংকৰ তথ্য। নিতম্ব নিটোল কৰাৰ চেষ্টাত তেওঁৰ মৃত্যুৰ আশংকাও সৃষ্টি হৈছিল।

ডানিয়ে কয় যে নিজে তৈয়াৰ কৰা পােছাক বজাৰত মুকলি কৰাৰ পাছতে প্রথমবাৰ ধাৰণা হৈছিল যে তেওঁৰ শৰীৰৰ গঠন “নিখুঁত’ নহয়। বিশেষকৈ নিতম্বত ‘খুঁত’ আছে। সেয়ে তেওঁ নিতম্বৰ খুঁত দূৰ কৰাৰ উপায়াে বিচাৰি উলিয়ায়। ২০১৪ত ‘নিখুঁত নিতম্বৰ বাবে তেওঁ হাইড্রজেন বেজি লয়।

যাৰ বাবে ভাৰতীয় মুদ্রাত প্রায় দুই লাখ তিনি হেজাৰ ৫৬০ টকা খৰচ হৈছিল। ডানিয়ে কয়, ‘মােৰ গালৰ দুফালে দুটা ফুটা কৰি ডাঙৰ ডাঙৰ ছিৰি ভৰাই দিয়া হৈছিল। ‘ইয়াৰ পাছতাে তেওঁ আশানুৰূপ ফল নাপালে।

ফলত পৰৱর্তী কিছু বছৰতাে নিতম্বত বেজিৰ পৰা আৰম্ভ কৰি প্লাষ্টিক ছাৰ্জাৰীও কৰাইছিল তেওঁ। অৱশ্যে অতি ব্যয়সাপেক্ষ ব্রাজিলীয় পদ্ধতিৰ পৰিৱর্তে এখন মেডিকেল স্পাৰ বেছমেণ্টত সেইবােৰ কৰা হৈছিল। ডানিৰ কথা শুনি টিভি অনুষ্ঠানৰ ছাৰ্জন দ্বয় আতংকিত হৈ পৰিছিল।

তেওঁলােকে কয়, ‘এই ধৰণৰ বেআইনী বেজি লােৱাটো অত্যন্ত বিপজ্জনক। কাৰণ নিতম্বৰ ৰক্তবাহী নলীসমূহৰ পৰা প্রধান সি (যি হৃদযন্ত্র আৰু হাওঁফাওঁলৈ তেজ বােৱাই নিয়ে)ৰ দূৰত্ব কম হােৱাত তাত চর্বি প্রৱেশ কৰালে,সেই চর্বি হাওঁফাওঁত প্রৱেশ কৰিব পাৰে আৰু সেয়া হ’লেই খেল শেষ। ‘

তেওঁলােকে লগতে ডানিক এই ধৰণৰ অস্ত্রোপচাৰ নকৰােৱাৰাে পৰামর্শ দিয়ে। সকলাে শুনি এগৰাকী বাধ্য ছােৱালীৰ দৰে ডানিয়ে কয়, ‘চিকিৎসকৰ কথাত বহু বিষয়েই স্পষ্ট হ’ল। খুঁতবােৰ ঠিক কৰিবলৈ ভৱিষ্যতেও হয়তাে উপায় বিচাৰিব লাগিব।’

Exit mobile version