১০ মিনিটৰ সফল মহাকাশ ভ্ৰমণ জেফ বেজ’ছৰ : অভিনন্দন নাছাৰ

800

১০ মিনিট মহাকাশত অতিবাহিত কৰি সম্পূৰ্ণ সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি আহিল বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি জেফ বেজ’ছ । নিজৰ সংস্থা ব্লু অৰিজিনে তৈয়াৰ কৰা মহাকাশযান ‘দ্য নিউ শ্বেপাৰ্ড’ত উঠি বেজ’ছৰ লগতে আন দুগৰাকী মহাকাশযাত্ৰীয়ে এই বিৰল ৰোমাঞ্চকৰ যাত্ৰাৰ অভিজ্ঞতা আহৰণ কৰিলে । ব্লু অৰিজিনৰ মহাকাশযানত বেজ’ছৰ লগতে আছিল ৮২ বছৰ বয়সীয়া প্ৰাক্তন মহিলা বৈমানিক ওৱালি ফ্ৰাংক আৰু ১৮ বছৰীয়া ডাচ যুৱক অলিভাৰ ডেমেন ।

উল্লেখ্য যে এই মহাকাশ ভ্ৰমণৰ জৰিয়তে ফ্ৰাংক বিশ্বৰ প্ৰবীণতম মহাকাশচাৰী আৰু আৰু অলিভাৰ কনিষ্ঠতম মহাকাশচাৰী হিচাপে পৰিচিত হ’ল । মঙলবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬-৩০ বজাত মহাকাশযান উৎক্ষেপণৰ কথা আছিল যদিও ই কিছু পলম হৈছিল । অৱশেষত কাৰমেন লাইনৰ ওপৰৰে ভূ-পৃষ্ঠৰ পৰা ১০৭ কিলোমিটাৰ উচ্চতাত মূল মহাকাশযানৰ পৰা বিচ্ছিন্ন হৈছিল কেপচুল । তিনিৰ পৰা চাৰি মিনিট সময় কাৰমেন লাইনৰ ওপৰত থকাৰ পাছত কেপচুলখন পেৰাছ্যুটৰ জৰিয়তে টেক্সাছৰ মৰুভূমিত অৱতৰণ কৰে ।

৫৭ বছৰীয়া বেজ’ছে বহু প্ৰত্যাশিত মহাকাশ ভ্ৰমণ সম্পন্ন কৰাৰ পাছত আনন্দ প্ৰকাশ কৰি কয় যে এয়া আছিল সঁচাকৈয়ে এক বিৰল দুঃসাহসিক অভিজ্ঞতা । ইফালে, সফল মহাকাশ ভ্ৰমণৰ পাছত বেজ’ছৰ প্ৰতিষ্ঠানটোক অভিনন্দন জনালে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই । এক টুইটত নাছাই আজি কয়, ‘ব্লু অৰিজিনৰ দলটোক তেওঁলোকৰ প্ৰথম ‘হিউমেন ফ্লাইট’ৰ বাবে অভিনন্দন । ভৱিষ্যতৰ উৰণত নাছাৰ গৱেষকে আৰু প্ৰযুক্তিবিদ থাকিব আৰু ইয়াৰ বাবে আৰু অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো ।’

Exit mobile version