৫১ লাখ টকাতো গৰাকীয়ে বিক্রী নকৰিলে ‘টাইগাৰ’ক

983a632c 8f43 11e7 a11b 07a9009e9c44

‘টাইগাৰ’ৰ মূল্য এক কোটি টকা। ঈদ-উল-জুহা উপলক্ষে এটা ছাগলীৰ বাবদ এক কোটি টকা দাম বিচাৰিলে গৰাকীয়ে। মহাৰাষ্ট্রৰ বুলধানা জিলাত এই ছাগলীটো ক্ৰয় কৰাৰ বাবে ক্রেতাই ৫১ লাখ টকা পর্যন্ত দিবলৈ ৰাজি হৈছিল।

অথচ ইমান ‘কম’ মূল্যত গৰাকীয়ে ‘আল্লা থকা ছাগলী’টো বিক্ৰী কৰিবলৈ সন্মত নহ’ল। জন্মৰ পৰাই এই বিশেষ ছাগলীটোৰ গাত কিছুমান চিহ্ন থকাৰ বাবেই ইয়াৰ এনে আকাশলংঘী দাম হৈছে। আৰবী ভাষা ‘আল্লা’ বুলি লিখিলে যেনেকুৱা দেখিব, তেনেকুৱাই সেই চিহ্নসমূহ।

তাৰ বাবেই এই ছাগলীৰ মূল্য ৰখা হৈছে এক কোটি টকা। উল্লেখ্য যে কুৰবানি ঈদৰ পূর্বে গােপালৰাও ছােহেল আৰু তেওঁৰ পুত্র কপিল ছােহেলে’টাইগাৰ’ নামৰ এই ছাগলীটো আজমেৰৰ পৰা বিক্ৰীৰ বাবে মহাৰাষ্ট্ৰলৈ আনিছিল।

তেওঁলােকে টাইগাৰক এক কোটি ৭৮৬ টকাত বিক্ৰী কৰিব বিচাৰিছিল। কিন্তু ৫১ লাখৰ অধিক মূল্য দিয়া কোনাে ক্রেতা নােলাল। ফলত তেওঁলােকে পুনৰ ছাগলীটো আজমেৰলৈ ঘূৰাই নিবলগীয়া হয়। গােপালৰাৱে জনায় যে প্রথমে তেওঁ টাইগাৰৰ গুৰুত্ব বুজি পােৱা নাছিল।

পাছত এজন মৌলানাই তেওঁক ইয়াৰ বিশেষত্বৰ বিষয়ে অৱগত কৰে। তেতিয়াই তেওঁ ঠিক কৰিছিল যে উপযুক্ত মূল্য পালেহে তেওঁ টাইগাৰক নিজৰ হাতৰ পৰা এৰি দিব। বক্রি ঈদৰ বাবে তেওঁলােকে টাইগাৰৰ উপৰি আৰু ৩০টা ছাগলী মহাৰাষ্ট্ৰলৈ আনিছিল।

সেইবােৰৰ একোটাক ১৫ হেজাৰ বিনিময়ত বিক্ৰী কৰে। ছাগলীবােৰ ইমান দূৰলৈ অনাৰ যাতায়াত আৰু চোৱা-চিতাৰ বাবদ তেওঁলােকৰ পাঁচ লাখ টকা খৰচ হয়। ৩০টা ছাগলী বিক্ৰী কৰি তেওঁলােকে লাভ কৰে ছয় লাখ ৫০ হেজাৰ টকা।

ঘূৰি যােৱাৰ খৰচ বাদ দিলে তেওঁলােকৰ লাভ থাকে ৪৫ হেজাৰ টকা। টাইগাৰৰ ক্রেতা পােৱা গলে লাভৰ অংকটো যথেষ্ট বেছি হ’লহেঁতেন। তাতে ৫১ লাখ টকাও কম নহয়। তথাপি কম দামত ‘আল্লা ৱালা বখৰা’ এৰি দিব নিবিচাৰে গােপালৰাৱে।

ইফালে, বুধবাৰে ইন্দোৰত কুৰবানিৰ সময়ত বিশেষ দৃষ্টি আকর্ষণ কৰে এটা ছাগলীয়ে। ইন্দোৰৰ নিবাসী মঈন খান নামৰ লােকজনে জনােৱা মতে, তেওঁৰ ক’লা ছাগলীটোৰ ওজন হৈছে।

১৭৫ কেজি আৰু ইয়াৰ মূল্য পাঁচ লাখ ৫০ হেজাৰ টকা। খানে লগতে কয় যে ইমান ওজন হােৱাৰ প্রধান কাৰণটো হ’ল ছাগলীটোৰ প্রধান খাদ্য হৈছে এলমণ্ড বাদাম, কিচমিচ আৰু কাজু বাদাম। সংবাদ মাধ্যমৰ আগত খানে কয়, ‘পঞ্জাৱ প্ৰজাতিৰ এই কলা ছাগলীটো প্রায় ১০ মাহ ধৰি প্রতিপালন কৰিছাে।

ইয়াৰ ওজন প্রায় ১৭৫ কেজি আৰু উচ্চতা প্রায় চাৰি ফুট। ক’লা ছাগলীটোৰ বাবে মানুহে মােক ৫.৫ লাখ টকা পর্যন্ত দিছিল, কিন্তু মই ইয়াক ১০ মাহ ধৰি প্রতিপালন কৰিছাে আৰু ঈদ- উল-আধাৰ দিনা কুৰবানি দিম।’ খানে লগতে কয় যে তেওঁৰ লগত প্রায় ১৫০ কেজিৰ আন এটা মুগা বৰণৰ ছাগলী আছে।

Exit mobile version