অবৈধ ব্যৱসায়ৰে ঘটিছিল কোটি কোটি টকা অগাধ সম্পত্তিৰ গৰাকী কুন্দ্রা, বুর্জ খলিফাতাে ক্ৰয় কৰিছিল ফ্লেট

অশ্লীল ছবি নির্মাণ-প্ৰচাৰত গােচৰত মুম্বাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ বিভাগে গ্রেপ্তাৰ কৰা বলিউড অভিনেত্রী শিল্পা শেট্ৰীৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্রাৰ আছে অগাধ সম্পত্তি।

আনকি ডুবাইস্থিত বিশ্বৰ সর্বোচ্চ অট্টালিকা বুর্জ খলিফাতাে এটা ফ্লেট ক্রয় কৰিছিল কুন্দ্রা আৰু শিল্পাই। মুম্বাই আৰক্ষীয়ে ইতিমধ্যে কুন্দ্রাৰ কেবাটাও বেংকত থকা সাত কোটি ৩১ লাখ টকা জব্দ কৰিছে।

আৰক্ষীৰ প্রাথমিক তদন্তত কুন্দ্রাই মুঠ নটা কোম্পানীত সঞ্চালক হিচাপে কৰ্মৰত হােৱাৰ তথ্য পােহৰলৈ আহিছে। কেইবছৰমান পূর্বে কুন্দ্রাই বুর্জ খলিফাৰ ১৯ মহলাত এটা বিলাসী এপার্টমেন্ট ক্রয় কৰিছিল আৰু পত্নী শিল্পাক উপহাৰ হিচাপে দিছিল।

কিন্তু আৰক্ষীয়ে লাভ কৰা তথ্য মতে, পাছত শিল্পাই এই এপার্টমেন্টটো আকাৰত সৰু বুলি আন ব্যক্তিক বিক্রী কৰি দিছিল।

মুম্বাইৰ জুহু বীচ্চৰ সমুদ্রৰ পাৰত কুন্দ্রাই শিল্পাৰ বাবে আন এটা বিলাসী বাংলাে ক্ৰয় কৰিছিল আৰু এই বাসগৃহতে পৰিয়ালৰ স’তে তেওঁ বাস কৰিছিল।

কুন্দ্রা আৰু শিল্পাই লণ্ডনতাে সাতটা শয়নকক্ষযুক্ত বিলাসী এপার্টমেন্ট ক্ৰয় কৰিছিল। অৱসৰৰ দিনত কুন্দ্রা-শিল্পাই লণ্ডনৰ এই ঘৰত সময় অতিবাহিত কৰি আহিছে।

নিজৰ বিবাহতাে কুন্দ্রাই শিল্পাক তিনি কোটিটকীয়া মূল্যৰ এটা হীৰাৰ আঙঠি উপহাৰ দিছিল। তদুপৰি বিয়াত কইনাক ৫০ লাখ টকাৰ ডিজাইনাৰ লেহেংগা উপহাৰ দিছিল কুন্দ্রাই।

কুন্দ্রা আৰু শিল্পাৰ আছিল ব্যক্তিগত জেট বিমান। ছুটীৰ দিনত কুন্দ্রা দম্পতিয়ে নিজৰ জেট বিমানৰে যাত্ৰা কৰি আহিছে। কুন্দ্রা আৰু শিল্পাৰ কেবাখনাে বিলাসী গাড়ী আছে আৰু এখন লেম্বর্ঘিনী গাড়ীৰ লগতে বি এম ডব্লিউ জেড-৪ গাড়ীও তেওঁলােকৰ সংগ্ৰহত আছে।

Exit mobile version