কৰ’নাৰ উৎসৰ তদন্ত বিচৰা ‘হু’ৰ প্ৰস্তাৱ নাকচ চীনৰ

কৰ’না ভাইৰাছৰ উৎস ক’ত? ক’ৰ পৰা এই মহামাৰীৰ সূত্রপাত ঘটিছিল ? অতিমাৰীৰ প্রায় দুবছৰ হ’ল যদিও এতিয়ালৈকে এইবােৰ প্রশ্ন ৰহস্য হৈয়ে আছে।

সেয়েহে ক’ভিড-১৯ৰ উৎসৰ সন্ধান উলিয়াবলৈ দ্বিতীয়বাৰ তদন্ত কৰিব বিচাৰিছিল বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। কিন্তু হুৰ এই প্ৰস্তাৱ প্ৰত্যক্ষভাৱে নাকচ কৰিলে চীনে।

বেইজিঙে স্পষ্টভাৱে কয় যে এই বিষয়ত দ্বিতীয় পর্যায়ৰ তদন্তৰ কোনাে প্রয়ােজন নাই। স্বাভাৱিকতে চীনৰ এনে আচৰণত স্তম্ভিত হ’ল সমগ্র বিশ্ব।

কৰ’নাৰ উৎসৰ সন্দৰ্ভত কেৱল চীনত তদন্ত কিয় বুলিও প্রশ্ন উত্থাপন কৰিলে বেইজিঙে। বিশ্বৰ অন্যান্য দেশতাে এই বিষয়ত তদন্ত চলােৱাৰ দাবী জনাই চীনে কয় যে প্রাণী দেহৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে আৰু হুৱে এই বিষয়ত গৱেষণা চলােৱা উচিত।

‘বিশ্ব স্বাস্থ্য সংস্থাই ৰাজনৈতিক প্রভাৱমুক্ত হৈ এই বিষয়ত গৱেষণা চলােৱা উচিত।’ এইদৰে মত প্রকাশ কৰে চীনে।

Exit mobile version