ছলমানৰ ডুবাইত আছে পত্নী-কিশােৰী সন্তান : কি ক’লে অভিনেতাই ?

salman khan 1626704999951 1626705008865

বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খানৰ ডুবাইত আছে বাংলাে। আছে পত্নী আৰু ১৭ বছৰীয়া এগৰাকী কন্যা সন্তান। ছলমানৰ পত্নীৰ নাম নূৰ। জনপ্রিয় অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত সামাজিক মাধ্যমত এনে এক তথ্য প্রকাশ কৰিছিল এজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে।

এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিলে ছলমানে। দৰাচলতে ছলমানৰ ভ্ৰাতৃ আৰবাজ খানৰ টেলিভিছনৰ টক শ্ব’ ‘পিঞ্চ ‘অংশ লৈছিল ছলমানে। এই টক শ্বত এজন অতিথিক তেওঁৰ সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত বিভিন্ন মতামতৰ প্ৰসংগত প্রশ্ন কৰা হয়।

ছলমানকো তেওঁৰ পত্নী-কন্যা থকা বুলি সামাজিক মাধ্যমত প্রচাৰিত উক্ত বাতৰিৰ প্ৰসংগত আৰবাজে প্রশ্ন কৰিছিল। এই প্রশ্নৰ উত্তৰ দি ছলমানে কয়, প্রশ্নৰ উত্তৰ সকলােৱে জানে। এয়া অযুক্তিকৰ কথা।

তেওঁ কাৰ কথা কৈছে মই নাজানাে। তেওঁ নিশ্চয় ভাবিছে যে এই টুইটৰ উত্তৰ দি মই কম যে মােৰ কোনাে পত্নী নাই। মই ভাৰতত, দেউতাৰ স’তে গেলেক্সি এপার্টমেন্টত বাস কৰাে। এই কথা সমগ্র ভাৰতে জানে।

Exit mobile version