জৰাজীৰ্ণ ৰূপত নয়াছাৰা-নামাপাৰা-ঢেপঢেপী সংলগ্ন গড়কাপ্তানী পথ

১৭ বছৰে কালভার্টৰ পৰা বঞ্চিত পথচাৰী

WhatsApp Image 2021 07 22 at 9.15.57 PM

কোকৰাঝাৰ জিলাৰ নয়াছাৰা-নামাপাৰা-ঢেপঢেপী সংলগ্ন গড়কাপ্তানী পথ বৰ্তমান জৰাজীৰ্ণ ৰূপত দেখা গেছে। নয়াছাৰা নামাপাৰা ঢেপঢেপী সংলগ্ন গড়কাপ্তানী পথছোৱাৰ মাজত এটা কালভার্ট নোহোৱাৰ বাবে নৰক যাতনা ভুগীবলগীয়া হৈছে পথচাৰীয়ে।

কালভার্টটো নথকাৰ বাবে নয়াছাৰা নামাপাৰা ঢেপঢেপী আদি গাওঁত ১০৮ সেৱাৰ পৰাও বঞ্চিত হব লগীয়া হৈছে গাওঁবাসী। কি খৰালি দিন, কি বাৰিষা দিন সকলো দিনেই সমান। পথটোৰ মাজত থকা নয়াছাৰা আৰু ভৰানীছৰা নামৰ দুই খন বিলৰ সংলগ্ন ড্ৰেনটোৱে নয়াছাৰা নামাপাৰা ঢেপঢেপী সংলগ্ন গড়কাপ্তানী পথটো অচল হৈ থকা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে নয়াছাৰা নামাপাৰা ঢেপঢেপী সংলগ্ন গড়কাপ্তানী পথটো সুচল কৰি তুলিবলৈ চৰকাৰী ফালৰ পৰা এটা কালভার্টৰ আবন্টন দিছিল যদিও আজি লৈকে কালভার্টটো নিৰ্মাণৰ বাবে ঠিকাদাৰে কোনো ধৰণৰ ব্যবস্থা গ্রহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

সেইবাবে ৰাইজে বিটিআৰত থকা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি, জিএছপিৰ মিত্ৰজোটৰ চৰকাৰখনক এই কালভার্টটো অতি সোনকালে নিৰ্মাণ কৰি পথচোৱা সুচল কৰি দিবলৈ দাবী জনায়।

Exit mobile version