ফ্রান্সত আৰম্ভ কভিডৰ চতুর্থ টৌ, সংক্রমণ বৃদ্ধি ১৪০ শতাংশ

w 56976901 800x450 1

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ চতুর্থটো টৌ আৰম্ভ হ’ল ফ্রান্সত। বিশ্বৰ অধিকাংশ দেশেই যিসময়ত ক’ভিডৰ তৃতীয়টো ঢৌৰ সন্মুখীন হ’বলৈ সাজু হৈছে, সেই সময়তে সংক্রমণৰ চতুর্থটো ঢৌ আৰম্ভ হ’ল ফ্রান্সত।

অতি দ্রুতগতিত দেশখনত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে। বিগত এসপ্তাহত ফ্রান্স কৰ’নাৰ সংক্রমণ ১৪০ শতাংশ। বৃদ্ধি পালে। মূলত ‘ডেল্টা’ প্রজাতিৰ সংক্ৰমণৰ ফলতে দেশখনত প্ৰতিদিনে কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে।

ফ্রান্স চৰকাৰৰ মুখপাত্র গেব্রিয়েল আট্টালে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, নতুনকৈ আক্রান্তৰ সংখ্যা বৃদ্ধি পােৱাৰ ফলত ফ্রান্সত আতংক বৃদ্ধি পাইছে।

সংক্রমণক দ্রুত নিয়ন্ত্ৰণৰ বাবে নিষেধাজ্ঞা আৰােপৰ লগতে অন্যান্য পদক্ষেপ ইতিমধ্যে ফ্রান্স চৰকাৰে গ্ৰহণ কৰিছে। অৱশ্যে এতিয়াও দেশখনত নতুনকৈ তলাবন্ধ ঘােষণা কৰা হােৱা নাই।

Exit mobile version