বাগসাৰ বেতন নোপোৱা দুই কিডনী বিকল শিক্ষকলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে এক লাখ টকা

ৰোগাক্ৰান্ত শিক্ষকৰ ঘৰত মন্ত্ৰী উৰ্খাও গৌৰাই দিলে চেক

WhatsApp Image 2021 07 23 at 5.44.55 PM

বাগসা জিলাৰ লাফাকুছি (ভালাগুৰি) গাঁৱৰ বাসিন্দা সুদীৰ্ঘ দিন ধৰি বেতন নোপোৱা বিটিচিৰ টেট শিক্ষক সম্প্ৰতি দুয়োটা কিডনী বিকল হৈ সংকটজনক অৱস্থাত থকা অজয় মহন্তৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জটিল ৰোগত আক্ৰান্ত ৰোগাক্ৰান্ত শিক্ষক অজয় মহন্ত আৰু তেওঁৰ পত্নীৰ হাতত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এক লাখ টকাৰ এখন চেক প্ৰদান কৰে।

বিটিচিৰ টেট উত্তীৰ্ণ হৈ থমনা হাইস্কুলত শিক্ষকতা কৰা শিক্ষক অজয় মহন্তই সুদীৰ্ঘ দিন ধৰি দৰমহা পোৱা নাই। তদুপৰি সম্প্ৰতি মহন্তৰ দুয়োটা কিডনীয়েই বিকল হৈ সংকটজনক অৱস্থাত থকাৰ এক হৃদয় বিদাৰক অৱস্থাৰ কথা বাতৰি কাকতত প্ৰকাশ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত মুখ্যমন্ত্ৰীয়ে মহন্তৰ চিকিৎসাৰ বাবে এক লাখ টকা আগবঢ়ায়।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বাগসা জিলাৰ লাফাকুছি (ভালাগুৰি) গাঁৱৰ ৰোগাক্ৰান্ত শিক্ষক অজয় মহন্তৰ বাসগৃহত উপস্থিত হৈ মহন্ত আৰু তেওঁৰ সহধৰ্মিনীৰ হাতত এক লাখ টকাৰ এখন চেক প্ৰদান কৰে।

চেক প্ৰদান কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰোগাক্ৰান্ত শিক্ষক অজয় মহন্তৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।বাতৰি কাকতৰ বাতৰিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি অজয় মহন্তৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতাক প্ৰশংসা কৰিছে ৰাইজে।

Exit mobile version