‘হটশ্বটছ’ৰ বাবে ৯০ টা ভিডিঅ’ তৈয়াৰ কৰিছিল কুন্দ্রাই

raj kundra 0 1200x768 1

অশ্লীল ছবি নির্মাণ কেলেংকাৰিৰ ঘটনাত ব্যৱসায়ী ৰাজ কুন্দ্রাৰ সন্দৰ্ভত নতুন তথ্য পােহৰলৈ আহিল। মুম্বাই আৰক্ষীয়ে কুন্দ্রাৰ বাসগৃহত তালাচী চলাই ৭০টা ভিডিঅ’ ক্লিপৰ সন্ধান লাভ কৰিলে।

এইসমূহ অশ্লীল ভিডিঅ’ কুদ্ৰাৰ নিৰ্দেশত তৈয়াৰ কৰা হৈছিল বুলি প্রাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে।

এই ৭০টা ভিডিঅ’ তৈয়াৰ কৰা হৈছিল কেইটিমান ক্ষুদ্র প্রযােজনা সংস্থাৰ জৰিয়তে। তদন্তকাৰী আৰক্ষীয়ে দাবী কৰা অনুসৰি, কুন্দ্রাই তেওঁৰ মালিকানাধীন এপ ‘হটশ্বট’ত প্ৰদৰ্শনৰ বাবে মুঠ ৯০টা অশ্লীল ভিডিঅ’ তৈয়াৰ কৰিছিল।

কুন্দ্রাৰ ঘৰৰ পৰা জব্দ কৰা ভিডিঅ’ ক্লিপসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে প্ৰেৰণ কৰিছে। তদন্তকাৰী আৰক্ষীয়ে লগতে জনােৱা অনুসৰি, এইসমূহ ভিডিঅ’ৰ কিছুসংখ্যক ২০-৩০ মিনিট দৈর্ঘ্যৰ আছিল আৰু একাংশ ভিডিঅ’ এঘণ্টাৰ।

এনে ভিডিঅ’ তৈয়াৰত কুন্দ্রাক সহায় কৰিছিল তেওঁৰ ব্যক্তিগত সহায়কাৰী উমেশ কামতে। যােৱা ফেব্ৰুৱাৰীতে মুম্বাই আৰক্ষীয়ে কামাতক গ্রেপ্তাৰ কৰিছিল।

উল্লেখ্য যে যােৱা ১৯ জুলাইত অশ্লীল ছবি তৈয়াৰ আৰু প্ৰচাৰৰ অভিযােগত কুন্দ্রাক মুম্বাই আৰক্ষীয়ে জিম্মাত লৈছিল।

Exit mobile version