অবহেলিত শ্বহীদ হৰধন ৰায়ৰ খবৰ ল’বলৈ সময় নাই ভাৰতীয় সেনা বাহিনীৰ

WhatsApp Image 2021 07 24 at 5.42.33 PM

কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তবর্তী অঞ্চল ফুটকিবাৰীৰ মেধিপাৰাস্থিত শ্বহীদ হৰধন ৰায়ৰ শ্বহীদ হোৱাৰ কেবামাহ উকলি যোৱাৰ পাছতো খবৰ লবলৈ আহৰি নহ’ল ভাৰতীয় সেনা বিভাগৰ।

তথ্য অনুসৰি শ্বহীদ হৰধন ৰায়ে জম্মু কাশ্মীৰৰ উৰীত পাকিস্তানী সেনাৰ লগত এক মুখামুখি সংঘর্ষত শ্বহীদ হয় ১৩ নবেম্বৰ ২০২০ চনত।

শ্বহীদ হোৱাৰ পাছত হৰধন ৰায়ৰ নশ্বৰ দেহা স্বগৃহলৈ লৈ অহাৰ পাছত অসমৰ তেতিয়াৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ, সমাজ কল্যাণ বিভাগৰ মন্ত্রী প্ৰমিলা ৰাণী ব্ৰহ্ম, অইন অইন ৰাজনৈতিক নেতা কৰ্মীৰ লগতে সেনাবাহিনীৰ উচ্চস্তৰীয় বিষয়ববীয়া সকলো উপস্থিত থাকি এটা শ্বহীদ বেদীৰ লগতে এটা শ্বহীদ তোৰণ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈকে সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈয় ৰল।

নিৰ্মান নহল শ্বহীদৰ প্ৰতিমুৰ্তিৰ লগতে শ্বহীদ তোৰণ। আজি অগ্ৰদূত বাতৰি কাকতৰ প্ৰতিবেদকৰ লগত হোৱা এক সাক্ষাৎকাৰত শ্বহীদ হৰধন ৰায়ৰ পত্নী বকুল ৰায়ে কৰুণভাৱে কয় যে ,”মোৰ স্বামী মাতৃভূমিৰ ৰক্ষাৰ বাবে শ্বহীদ হৈ গোটেই পৰিয়ালটোৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। “

বকুল ৰায়ৰ অভিযোগ বৰ্তমানলৈকে তেওঁ হৰধন ৰায়ৰ ছাৰ্ভিছ বক্সৰ লগতে বিভাগীয় মৃত্যুৰ প্ৰমানপত্র, শ্বহীদ মেডেল এতিয়াও লাভ কৰা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্রীক হৰধনৰ পত্নীয়ে অনুৰোধ জনায় যে শ্বহীদ পৰিয়ালক উচিত সন্মান আৰু সুবিধা প্ৰদান কৰাৰ লগতে শ্বহীদ হৰধন ৰায়ৰ ছাৰ্ভিছ বক্সৰ লগতে বিভাগীয় মৃত্যুৰ প্ৰমান পত্র,শ্বহীদ মেডেল লাভ কৰিব লাগে ।”

ইফালে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ তদানিন্তন মন্ত্রী প্ৰমিলা ৰাণী ব্ৰহ্মই উক্ত বিভাগত শ্বহীদ হৰধন ৰায়ৰ পৰিয়ালক চৰকাৰি চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু দুৰ্ভাগ্যজনক যে আজিলৈকে বিভাগৰ কোনো মন্ত্রী বিষয়াই চাকৰিতো দুৰৰ কথা খবৰ লবলৈও শ্বহীদ হৰধন ৰায়ৰ পৰিয়ালৰ লগত যোগাযোগ কৰা নাই।

সেইবাবে অসমৰ সমাজ কল্যাণ বিভাগৰ বৰ্তমানৰ মন্ত্রী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত শ্বহীদ হৰধন ৰায়ৰ পত্নীয়ে দাবী জনায় যে এই দুৰ্যোগৰ সময়ত এই পৰিয়ালটোৰ প্ৰতি সুদৃষ্টি ৰাখি সন্মান প্ৰদান কৰিবলৈও কৰজোৰে দাবী জনায়।

উল্লেখ্য যে শ্বহীদ হৰধন ৰায়ৰ পিতৃ, মাতৃ, খুৰা, খুৰী সকলোৱে বিভিন্নপ্ৰকাৰে প্ৰতিবন্ধি। কোনোবাই দৈহিক ভাবে, কোনোবাই মানসিক ভাবে আৰু কোনোবাই বয়ষিয়াল হোৱাৰ বাবে শ্বহীদ পৰিয়ালটোৰ এতিয়া দিনতে অন্ধকাৰ হবলৈ আৰম্ভ কৰিছে।

Exit mobile version