আগন্তুক বিত্তবৰ্ষত বেতন বৃদ্ধি কৰিব পাৰে দেশৰ ঔদ্যোগিক-বাণিজ্যিক সংস্থাবোৰে

Big decision taken regarding salary increase of employees know now

অতিমাৰী পৰিস্থিতিত বেতন বৃদ্ধি নোহোৱাৰ বাবে সমস্যাত পৰিছিল বহু কৰ্মচাৰী । আগন্তুক বিত্তবৰ্ষত সুখবৰ লাভ কৰিব পাৰে অধিকাংশ উদ্যোগ-বাণিজ্য সংস্থাৰ কৰ্মচাৰীসকলে । সাম্প্ৰতিক সমীক্ষা অনুসৰি, দেশৰ বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক সংস্থাই তেওঁলোকৰ কৰ্মচাৰীৰ বেতন ছয়ৰ পৰা আঠ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ প্ৰাবল্যৰ ওপৰত বেতন বৃদ্ধিৰ বিষয়টো নিৰ্ভৰ কৰিব বুলি সমীক্ষাত পূৰ্বাভাস দিয়া হৈছে ।

তলাবন্ধৰ প্ৰতিঘাতক নেওচি লাহে লাহে সুস্থিৰ হ’ব লৈছে দেশৰ অৰ্থনীতি । বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠান আৰু ঔদ্যোগিক সংস্থাবোৰত পূৰ্ণ উদ্যমত কাম আৰম্ভ হৈছৈ । সেয়ে আগন্তুক বিত্তবৰ্ষত (২০২২-২৩) আৰ্থিক বৃদ্ধিত এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰত শীৰ্ষত থাকিব পাৰে বুলি মাইকেল পেজ এণ্ড অউনৰ পূৰ্বাভাস । সংস্থাৰ কৰ্মচাৰী ৰূপক চৌধুৰীৰ অনুসৰি, এনে পৰিস্থিতিত যোগ্য কৰ্মচাৰীৰ প্ৰয়োজনীয়তা বৃদ্ধি হ’ব । লগতে তেওঁলোকৰ বেতনো বৃদ্ধি পাব ।

ক’ভিড পৰিস্থিতিত ২০২০ত দেশৰ ৬০ শতাংশ ঔদ্যোগিক-বাণিজ্যিক সংস্থাই তেওঁলোকৰ কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰিছিল । বেতন বৃদ্ধিৰ হাৰ আছিল ৪.৪ শতাংশ । ২০১৯ত দেশৰ ব্যৱসায়ী প্ৰতিষ্ঠান আৰু ঔদ্যোগিক সংস্থাবোৰৰ কৰ্মচাৰীৰ গড় বেতন বৃদ্ধিৰ হাৰ আছিল ৮.৬ শতাংশ ‌। সম্প্ৰতি বহুজাতিক সংস্থা ডেলিটৰ সমীক্ষাত কোৱা হৈছিল, আগন্তুক বিত্তবৰ্ষত দেশৰ ৯০ শতাংশ ক’ৰ্প’ৰেট সংস্থাই তেওঁলোকৰ কৰ্মচাৰীৰ বেতন গড়ে ৭.৩ শতাংশ বৃদ্ধি কৰিব পাৰে ।

Exit mobile version