কাল কৰ’নাৰ ফলত হোৱা তলাবন্ধৰ বানত বিপৰ্যস্ত থলুৱা হস্ত তাত আৰু বয়ন শিল্প

বজাৰৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন বহু পৰিয়াল

WhatsApp Image 2021 07 24 at 5.39.54 PM

বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ’নাৰ ফলত হোৱা তলাবন্ধই অন্ধকাৰ নমাই আনিছে হস্ত তাত আৰু বয়ণ শিল্পৰ স’তে জড়িত বহুতো পৰিয়ালৈ ৷

বিটিআৰৰ কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰী, সাতবিল, চিথিলাৰ ভবানীছৰা আদি গাঁৱত বসবাস কৰা হস্ত তাত আৰু বয়ণ শিল্পৰ শিপিনীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালসমূহৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা হৈছে।

ভাওৰাগুৰীৰ তাত শাল আৰু শিপনী সকলে কয় যে ,অঞ্চলটোত উৎপাদিত মেখেলা , দোখনা , পাটানী সমুহ স্থানীয় বজাৰৰ লগতে অসমৰ বিভিন্ন বজাৰত যোগান ধৰে৷

পূৰ্বতে বজাৰ কিছু আশাব্যঞ্জক আছিল যদিও বৰ্তমান তলাবন্ধৰ বাবে বহু শ্ৰম আৰু কষ্টৰে বনোৱা বস্ত্ৰ সমুহ বিক্ৰী বন্ধ হৈ পৰিছে ।

বাহিৰা বস্ত্ৰই থলুৱা বস্ত্ৰ প্ৰস্তুত কৰা শিপিনী সকলোক বিমোৰত পেলাইছে। উল্লেখ্য যে ভাওৰাগুৰী আৰু ভবানীছড়া গাঁৱৰ প্ৰায় ৬০/৭০টা পৰিয়াল এই হস্ত তাত আৰু বয়ণ শিল্পৰ স’তে জড়িত যদিও এই সকলোৰ মাজত চৰকাৰৰ কোনো ধৰণৰ জনকল্যাণমুলক আঁচনিয়ে ঢুকি পোৱা নাই৷পৰা নাই কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী অথবা জনপ্ৰতিনিধিৰ সুদৃষ্টিও ৷

Exit mobile version