কৰ’না কালত তলাবন্ধত দেশত বন্ধ হ’ল দুই লক্ষাধিক ৰেস্তোৰাঁ-পানশালা

ppp why wont anyone rescue restaurants FT BLOG0420

কৰ’নাৰ সংক্ৰমণ আৰু তলাবন্ধই দেশৰ অৰ্থনীতিত মাধমাৰ শােধালে।বিগত ডেৰ বছৰৰাে অধিক ধৰি অব্যাহত থকা অস্থিৰ পৰিস্থিতিৰ ফলত ব্যৱসায়িক জগতখনৰ সর্বাধিক ক্ষতি হৈছে।

তলাবন্ধত সর্বাধিক ক্ষতি হ’ল দেশৰ হােটেল-ৰেস্তোৰাঁ খণ্ডৰ। বিগত ১৫ মাহত ভাৰতত কমেও দুই লাখ ৰেস্তোৰাঁ বন্ধ হ’ল। তদুপৰি এইসমূহ ৰেস্তোৰাঁত নিয়ােজিত হৈ থকা ৩০-৩৫ লাখ লােক সম্প্রতি কর্মহীন হৈছে।

নেচনেল ৰেষ্টুৰেণ্ট এছ’চিয়েচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ অনুৰাগ কটৰিয়াৰে এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে।

কটৰিয়াৰে প্ৰকাশ কৰা অনুসৰি, কৰ’নাৰ আগমনৰ পূর্বে ভাৰতত ৰেস্তোৰ উদ্যোগৰ বার্ষিক ব্যৱসায়ৰ পৰিমাণ আছিল চাৰি লাখ কোটি টকা।

কিন্তু বর্তমানে দেশত ৰেস্তোৰাঁ খণ্ডৰ বার্ষিক ব্যৱসায়ৰ পৰিমাণ এক লাখ কোটি টকালৈ হ্রাস পাইছে। কৰ’নাৰ প্ৰথমটো ঢৌত দেশত ৩০ শতাংশ ৰেস্তোৰাঁ বন্ধ হৈছিল।

আনহাতে, সংক্রমণৰ দ্বিতীয়টো টৌত পুনৰ ১০ শতাংশ ৰেস্তোৰ চিৰদিনৰ বাবে বন্ধ হ’ল। কৰনাৰ পূর্বে সংস্থাটোৰ স’তে পাঁচ লাখ ৰেস্তোৰাঁ জড়িত হৈ আছিল আৰু কৰ’না মহামাৰীৰ ফলত ইয়াৰে প্রায় দুই লাখ ৰেস্তোৰ চিৰদিনলৈ বন্ধ হ’ল।

ভাৰতৰ ৰেস্তোৰ উদ্যোগত প্রত্যক্ষভাৱে ৭৫ লাখ লােক জড়িত হৈ আছিল আৰু দুই লাখ ৰেস্তোৰাঁ বন্ধ হােৱাৰ ফলত কমেও ৩০-৩৫ লাখ লােকে সংস্থাপন হেৰুৱালে।

কটৰিয়াৰে লগতে প্রকাশ কৰা অনুসৰি, খাদ্য পৰিবেশনকাৰী ৰেস্তোৰাৰ লগতে নাইট ক্লাব, পানশালাসমূহৰ ব্যৱসায়ক কৰ’নাই সর্বাধিক প্রভাৱ পেলাইছে। দীঘলীয়া তলাবন্ধৰ ফলত বর্তমানে বহু ক্ষুদ্র আৰু মজলীয়া চহৰতাে হােটেল- ৰেস্তোৰ ব্যৱসায়ীয়ে এই ব্যৱসায় ত্যাগ কৰিবলৈ বাধ্য হৈছে।

Exit mobile version