পর্ণ ছবিৰে লাভ কৰা ধন অনলাইন জুৱাত বিনিয়ােগ কৰিছিল কুন্দ্রাই

20 07 2021 rajkundra arrest shilpa 218473361626779420384

পর্ণ ছবি নির্মাণ আৰু প্ৰচাৰৰ গােচৰত অভিযুক্ত ৰাজ কুন্দ্রাৰ সন্দৰ্ভত তদন্ত চলাই পুনৰ অধিক চাঞ্চল্যকৰ তথ্য লাভ কৰিলে মুম্বাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ বিভাগে।

যােৱা ১৯ জুলাইত এই গােচৰত জেৰাৰ বাবে কুন্দ্রাক মুম্বাই আৰক্ষীয়ে চমন দিছিল আৰু সেইদিনাই বিয়লিবেলা তেওঁক গ্রেপ্তাৰ কৰা হৈছিল।

ইতিমধ্যে প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, পর্ণ ছবিৰ নিৰ্মাণৰ জৰিয়তে লাভ কৰা কোটি কোটি টকা কুন্দ্রাই ‘অনলাইন বেটিং’ (ইন্টাৰনেটৰ জৰিয়তে পৰিচালিত জুৱা)ত বিনিয়ােগ কৰিছিল।

এই কাৰণতে কুন্দ্রাৰ য়েছ বেংকৰ একাউণ্টৰ স’তে ইউনাইটেড বেংক অৱ আফ্ৰিকাৰ একাউণ্টৰ লেনদেন পৰীক্ষা কৰিব বিচাৰিছে তদন্তকাৰী বিষয়াই।

উল্লেখ্য যােৱা ফেব্ৰুৱাৰীত পর্ণ ছবি নির্মাণৰ এটা গােচৰত মুম্বাই আৰক্ষীয়ে গেহনা বশিষ্ঠ নামৰ এগৰাকী স্বপ্নখ্যাত অভিনেত্রীক গ্রেপ্তাৰ কৰিছিল আৰু এই গােচৰৰে তদন্ত চলাই মুম্বাইত সক্রিয় হৈ থকা আন এটা অশ্লীল ছবি নির্মাণ চক্ৰৰ সন্ধান আৰক্ষীয়ে লাভ কৰিছিল আৰু এই চক্ৰটোৰ মূল পৰিচালক হিচাপে কুন্দ্রাক তদন্তকাৰী বিষয়াই চিনাক্ত কৰে।

Exit mobile version