ফকিৰাগ্ৰামৰ উত্তৰ ৰাভাপাৰত কালি মন্দিৰৰ প্ৰাচীৰৰ আধাৰশিলা স্থাপন ই এম অৰূপ কুমাৰ দেৰ

WhatsApp Image 2021 07 24 at 6.31.48 PM

বিটিআৰৰ ৭ নং ফকিৰাগ্ৰাম অ-জনজাতি সমষ্টিৰ অধীন উত্তৰ ৰাভাপাৰত কালি মন্দিৰৰ সীমা প্ৰাচীৰৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দেই । ৰাতিপুৱা ফকিৰাগ্ৰাম সমষ্টিৰ উত্তৰ ৰাভাপাৰত ই এম অৰূপ কুমাৰ দেয়ে উপস্থিত হৈ বিভিন্ন মাংগলিক অনুষ্ঠানেৰে উত্তৰ ৰাভাপাৰ কালি মন্দিৰৰ সীমা প্ৰাচীৰৰ আধাৰশিলা স্থাপন কৰে ।

আধাৰশিলা স্থাপন কৰি ই এম দেয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে, ফকিৰাগ্ৰাম সমষ্টিবাসীয়ে মোক বহু আশা প্ৰত্যাশাৰে নিৰ্বাচনত জয়যুক্ত কৰিছে । সেই আশা প্ৰত্যাশাবোৰ পূৰণ কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য । সেইবাবে মই এই দায়িত্ব আৰু কৰ্তব্যবোৰ পৰ্যায়ক্ৰমে পালন কৰি আছো আৰু ভৱিষ্যতেও কৰি থাকিম ।

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানতেই একাংশ পুৰুষ-মহিলাই কয় যে, ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে এমচিএলএ হৈ নিৰ্বাচিত হৈ ইএমৰ দায়িত্ব লোৱাৰ পাছত অৰূপ কুমাৰ দেই সমষ্টিৰ ব্যাপক উন্নয়ন কৰি আছে । ইতিমধ্যে সমষ্টিৰ বহুতো ৰাস্তা-ঘাটৰ লগতে মন্দিৰ, বিদ্যালয়, চিকিৎসালয়ৰ বহুতো উন্নয়ন হৈছে বুলি দাবী কৰে । সেয়ে ই এম অৰূপ কুমাৰ দেক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতে ব্যপক উন্নয়ন হ’ব বুলিও আশা কৰে ।

Exit mobile version