বোকাজানত একেদিনাই দিলে দুবাৰকৈ ভেকচিন

covid 41

বোকাজান চিকিৎসা বিভাগৰ আজৱ কাণ্ড, চিকিৎসা বিভাগৰ কাণ্ড শুনিলে ভয় লাগিব আপোনাৰো ।এগৰাকী ৬০ৰ উৰ্দ্ধৰ বৃদ্ধাক একেদিনাই দিলে ক’ভিড ভেকচিনৰ দুটাকৈ পালি ।

বোকাজান মহকুমাৰ বালিপথাৰ ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত সংঘটিত হৈছে এই আজৱ ঘটনা ।দেউপানীৰ নিবাসী ৬০ৰ উৰ্দ্ধৰ সৰুমাই শইকীয়া নামৰ বৃদ্ধাগৰাকীক দিলে ক’ভিড ভেকচিনৰ দুটাকৈ পালি ।

সৰুমাই শইকীয়াই নিজৰ নাতিয়েকৰ স’তে ভেকচিন লবলৈ আহিছিল আৰু নাতিয়েকে বাহিৰৰ পৰাই আইতাকক ভেকচিন প্রদান কৰা প্ৰত্যক্ষ কৰি আছিল , দুবাৰকৈ ভেকচিন দিবলৈ লওঁতে নাতিয়েকে বাহিৰৰ পৰা চিঞৰিছিল যদিও নাতিয়েকক আওকান কৰি দুবাৰকৈ ভেকচিন প্ৰদান কৰিলে নাৰ্ছ গৰাকীয়ে ।

বালিপথাৰ ক্ষুদ্ৰ প্ৰাৰ্থমিক চিকিৎসা কেন্দ্ৰৰ ডঃ টি এল পুদাইটেৰ পৰ্যবেক্ষণতে সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড আৰু পূৰ্ণিমা তেৰাংপি নামৰ নামৰ নাৰ্ছ গৰাকীয়ে সংঘটিত কৰিছে এই ভয়ানক কাণ্ড ।বৰ্তমান বৃদ্ধা গৰাকীক পৰ্যবেক্ষণত ৰখা হৈছে ৷

Exit mobile version