মোৰ স্বামী নিৰ্দোষী, অশ্লীল ছবী নিৰ্মাণ কাণ্ডত ৰাজৰ গ্ৰেপ্তাৰী আৰু ‘হটশ্বটছ’ সম্পৰ্কে কি ক’লে শিল্পাই

AFP 9FE7J6 1627057040403 1627057056117

ৰাজ কুন্দ্ৰাৰ এপ্ ‘হটশ্বটছ’ত কেনেধৰণৰ ভিডিঅ’ প্ৰকাশ হয়, সেই বিষয়ে অৱগত নাছিল ৰাজৰ স্ত্ৰী, অভিনেত্ৰী শিল্পা শ্বেট্টী কুন্দ্ৰা । সেই এপৰ স’তে তেওঁৰ কোনো সম্পৰ্ক নাই । চোৰাংচোৱাক জনালে অভিনেত্ৰীগৰাকীয়ে । ছয় ঘণ্টাৰ সোধ-পোছৰ পাছত শিল্পাৰ কিছু জবানবন্দী প্ৰকাশ পালে সামাজিক মাধ্যমত । স্বামীৰ পক্ষত তেওঁৰ যুক্তি, যৌন উদ্দিপক ছবি আৰু অশ্লীল ছবিৰ মাজত পাৰ্থক্য আছে । ৰাজে অশ্লীল ছবি নিৰ্মাণ নকৰে বুলিয়ে তেওঁ কয় ।

শিল্পাৰ দাবী, ৰাজৰ ভগ্নীৰ স্বামী প্ৰদীপ বক্সি লণ্ডনত থাকে । তেঁৱেই এই এপৰ সকলো দায়িত্ব ভাৰ লৈছে । মুম্বাই আৰক্ষীয়ে জনায়, শিল্পাই তেওঁৰ স্বামীক নিৰ্দোষী বুলি দাবী কৰিছে ।

ৰাজ কুন্দ্ৰাৰ ‘ভিয়ান ইণ্ডাষ্ট্ৰীজ’ৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছে শিল্পাই । তাৰ পাছতেই তেওঁ আৰক্ষীৰ নজৰত আহিছে বুলি শিল্পা-ৰাজৰ ঘনিষ্ঠ সূত্ৰে খবৰ । ‘ভিয়ান ইণ্ডাষ্ট্ৰীজ’ত সঞ্চালক হিচাপে শিল্পাই কিমান দিন কাম কৰিছে সেই বিষয়েও প্ৰশ্ন কৰে আৰক্ষীয়ে । ‘হটশ্বট’ এপৰ মালিকীস্বত্ব ‘কেনৰিন’ৰ হাতত থাকিলেও ভিডিঅ’ প্ৰস্তুত কৰাৰ পৰা ব্যৱসায়ৰ হিচাপ ৰখা – এই সকলোবোৰ ভিয়ান ইণ্ডাষ্ট্ৰীজেই কৰে ।

ৰাজ কুন্দ্ৰাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অহা মঙলবাৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে । শুনানিৰ পাছতেই ৰাজৰ অধিবক্তাই জনায়, এনেদৰে তেওঁৰ মক্কেলৰ গ্ৰেপ্তাৰ আইনসন্মত নহয় আৰু সুবিচাৰৰ বাবে তেওঁলোকে উচ্চ ন্যায়ালয়ত আবেদন জনাব । শুকুৰবাৰে ৰাজ আৰু শিল্পা শ্বেট্টীৰ জুহুৰ গৃহত তালাচী চলায় মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই । বিষয়াসকলৰ স’তে ৰাজো উপস্থিত আছিল ।

অশ্লীল ছবি নিৰ্মাণ কাণ্ডত ৰাজৰ ভূমিকা সম্পৰ্কে বিস্তাৰিত তথ্য লাভ কৰাৰ পাছতে এই তালাচী চলোৱা হয় । সূত্ৰ অনুসৰি, সেই সময়তেই শিল্পাক সোধ-পোছ কৰা হয় । অৱশ্যে তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই ।

Exit mobile version