ম্যানমাৰতে আৱদ্ধ চিৰাঙৰ এলচন বসুমতাৰী

বিটিআৰ শান্তিচুক্তিৰ জড়িয়তে সকলো এনডিএফবি সদস্য ঘুৰি আহিলেও ম্যানমাৰতে আৱদ্ধ চিৰাঙৰ এলচন বসুমতাৰী নামৰ এনডিএফবি সদস্য জন। শ্ৰমিক পিতৃ-মাতৃৰ চৰকাৰলৈ আহ্বান নিজৰ লৰাক ঘৰলৈ ঘুৰাই অনাৰ দাবী।

■বিটিআৰ শান্তি চুক্তিৰ জড়িয়তে এনডিএফবিৰ সকলো সদস্য ওভতি আহিছে ঘৰলৈ। এনডিএফবিৰ নেতা সকল এতিয়া ৰাজনৈতিক নেতা। কিন্ত আজিও ঘৰলৈ ওভতি নাহিল চিৰাঙৰ লাইমুতি গাঁওৰ এলচন বসুমতাৰী নামৰ এনডিএফবিৰ সদস্য জন ।

■ আজিও ম্যানমাৰতে আৱদ্ধ আছে এনডিএফবি সদস্যজন । অতিকে দৰিদ্ৰ পিতৃ-মাতৃ দুয়োজনেই শ্ৰমিক হিচাবে হাজিৰা মজুৰীৰে পৰিয়াল চলায় । পিতৃ বিপিন বসুমতাৰীয়ে জনায় যে ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে তেওঁৰ লৰা এলছন বসুমতাৰীয়ে এনডিএফবিত যোগদান কৰিছিল। ম্যানমাৰত প্ৰশিক্ষণ লবলৈ গৈছিল । তাৰ পিচতে বিটিআৰ চুক্তি হয় ২০২০ চনৰ ২৭ জানুৱাৰী আৰু সকলো এনডিএফবি সদস্য ঘৰলৈ ওভতি আহে যদিও আজিলৈ ঘৰলৈ ওভতি নাহিল এলছন বসুমতাৰী ।

■এনডিএফবিৰ সভাপতি বি ছাউৰাইগ্ৰা আৰু সাধাৰণ সম্পাদক বি আৰ ফেৰেঙ্গা দুয়োজনেই বৰ্তমান ৰাজনৈতিক নেতা যদিও তেওঁলোকৰ আহ্বানত এনডিএফবিত যোগদান কৰা এলছন বসুমতাৰীক ঘৰলৈ ওভোতাই অনাৰ বাবে লোৱা নাই কোনো ব্যৱস্থা । পৰিয়ালৰ লোকে নেতা সকলৰ ওচৰত দৌৰি ভাগৰি পৰিছে ।

■সংবাদ মাধ্যমৰ জড়িয়তে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা বিটিআৰ প্ৰশাসনলৈ আহ্বান জনাই পিতৃ বিপিন বসুমতাৰীয়ে কয় –সকলোৰে ঘৰত শান্তি আহিলেও মোৰ ঘৰত শান্তি অহা নাই। মোৰ লৰা এলছন বসুমতাৰী এনডিএফবিৰ যোগদান কৰি আজিও ম্যানমাৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে । গতিকে চৰকাৰে অতিশীঘ্ৰে মোৰ লৰাক ঘৰলৈ ওভোতাই আনি সকলোৰে লগত মোৰ ঘৰতো শান্তি প্ৰতিষ্টা কৰি দিয়ক ।

■ মাতৃ ছলোনি বসুনতাৰীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে নিজ পুত্ৰক ঘৰলৈ ঘুৰাই অনাৰ ।
এনডিএফবিৰ চাৰিওটা গোটৰে বিটিআৰ চুক্তি কৰি বিটিচিৰ শাসনভাৰ সলনি হল কিন্ত এই সাধাৰণ পৰিয়ালটিৰ কোনো পৰিৱৰ্তন নহল । নেতৃত্বৰ আহ্বানত এনডিএফবিত যোগদান কৰি বিপদত এতিয়া এলছন বসুমতাৰী । নেতৃত্বই পিঠি দিয়াৰ বাবেই ম্যানমাৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে এলছন বসুমতাৰী।এই অভিযোগ পৰিয়ালৰ।

■ নতুনকৈ গঠিত এনএলএফবিৰ নেতৃত্বও মুল সুতিলৈ ঘুৰি আহিল। কিন্ত এই দৰিদ্ৰ পৰিয়ালৰ সন্তান এলচন বসুমতাৰীক ঘুৰাই অনাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে।

Exit mobile version