শংসয়ৰ সৃষ্টি কৰিছে ডেল্টাই, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ বুষ্টাৰ টিকা জৰুৰী : এইমছ সঞ্চালক

post covid ailments may last for life dr randeep guleria pulmonology specialist and aiims director

ক’ভিডৰ দুটা ভেকছিন লোৱাৰ পাছতো শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দিনক দিনে হ্ৰাস পাইছে । বিশ্বতে বিয়পি পৰা কৰ’না ভাইৰাছৰ ডেল্টা ৰূপৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বুষ্টাৰ টিকা অৰ্থাৎ তৃতীয় টিকা দিয়াৰ ব্যাপক চিন্তা কৰিব লাগিব ।

এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত এই কথা জনায় ।ভাৰততে প্ৰথম ডেল্টা ৰূপ পোৱা গৈছিল। এতিয়া ই সমগ্ৰ বিশ্বত বিয়পি পৰিছে।

শেহতীয়াকৈ, এইচ.ইউ. য়ে জনাইছে যে বিশ্বৰ প্ৰায় এশখন দেশত ডেল্টা ৰূপ সংক্ৰমিত হৈছে । শেহতীয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক প্ৰতিবেদন অনুসৰি, সেই দেশত নতুনকৈ কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা লোকসকলৰ প্ৰায় ৮৩ শতাংশৰ শৰীৰত ডেল্টাৰ উপস্থিতি লক্ষ্য কৰা হৈছে ।

ভাৰতৰ বিশেষজ্ঞসকলেও দাবী কৰিছে যে দেশত ক’ভিডৰ তৃতীয় ঢৌত ডেল্টাৰ সংক্ৰমণে বিয়পিব পাৰে । এই বিষয়ে এইমছৰ সঞ্চালকজনে কয়, “কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰক প্ৰতিৰোধ কৰিবলৈ বুষ্টাৰ টিকাকৰণ কৰিব লাগিব পাৰে ।’

অৱশ্যে, তেওঁ কয় যে দেশৰ সকলো নাগৰিক টিকাকৰণৰ পাছতহে এই বিষয়ে চিন্তা কৰিব লাগিব । তেওঁ এইটোও কয় যে দ্বিতীয় পৰ্যায়ত বজাৰত আহিব পৰা ভেকছিনবোৰ বুষ্টাৰ ভেকছিন হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ কাৰণ বৰ্ণনা কৰি তেওঁ কয় যে, সেই ভেকছিনবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ভেকছিনতকৈ অধিক হ’ব।

ক’ভেক্সিন নিৰ্মাণ কোম্পানী ভাৰত বায়’টেকেও ইতিমধ্যে বুষ্টাৰ ভেকছিনৰ ক্লিনিকেল ট্ৰায়েল চলাই আছে । প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ প্ৰতিবেদন নৱেম্বৰৰ ভিতৰত পোৱা যাব ।

Exit mobile version