কোনে কৰিব বিগ বছৰ সঞ্চালনা ?

Salman Karan aa d

এইবাৰ ছলমান খানক দেখা নাপাব বিগ বছ্ অ’টিটিৰ সঞ্চালনাত । তথ্য অনুসৰি এইবাৰ ছলমান খান নহয় কৰণ জোহৰে সঞ্চালনা কৰিব বিগ বিছৰ ৱেব ভাৰচন ।

এই বিষয়ে কৰণে কয়, “মই আৰু মোৰ মা বিগ বছৰ অনুৰাগী । দৰ্শক হিচাপে অনুষ্ঠানটোৱে মোক যথেষ্ট মনোৰঞ্জন দিয়ে । বহু দিনৰ আগতে এই অনুষ্ঠানটো সঞ্চালনা কৰিছিলো আৰু উপভোগ কৰিছিলো । পুনৰ বিগ বছ্ অ’টিটিৰ বাবে সুযোগ লাভ কৰিছো । নিঃসন্দেহে আনন্দৰ বিষয় ।”

বিগ বছ্ আৰম্ভ হোৱাৰ পূৰ্বেই কোনে সঞ্চালনা কৰিব তাক লৈ বিতৰ্ক হৈছে । এইবাৰ বিগ বছ দূৰদৰ্শনত প্ৰদৰ্শিত হোৱাৰ আগতে, ছয় সপ্তাহ অ’টিটি প্লেটফৰ্মত চলিব । প্ৰথমে উৰাবাতৰি শুনা গৈছিল যে সিদ্ধাৰ্থ শুক্লাই অ’টিটিৰ সঞ্চালনা কৰিব । কিন্তু এইবাৰ শুনা গ’ল যে, অনলাইনত বিগ বছ্ হ’ষ্ট কৰিব কৰণ জোহৰে । আঠ আগষ্টৰ পৰা ‘ভোট’ত আৰম্ভ হ’ব বিগ বছ্ ।

Exit mobile version