প্ৰথমে প্ৰতিৰোধ, তাৰ পাছত যুটীয়া আঘাত : তালিবানক বাধা দিবলৈ আফগান সেনাক পৰামৰ্শ আমেৰিকাৰ

taliban

আফগানিস্তানৰ একাধিক অঞ্চল দখল কৰিছে তালিবানে । সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে ক্ৰমান্বয়ে দুৰ্বল হৈছে আফগান সেনা । এনে পৰিস্থিতিত আফগান সেনাক ভূমি পুনৰুদ্ধাৰ কৰাৰ পৰামৰ্শ দিলে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড অষ্টিনে । তেওঁ কয়, প্ৰথমে তালিবানৰ আগ্ৰাসনৰ গতি মন্থৰ কৰিব লাগিব । তাৰ পাছতহে অঞ্চল পুনৰুদ্ধাৰ কৰিব পাৰিব সেনাই ।

শনিবাৰে আলাস্কাত সাংবাদিকৰ স’তে এক সাক্ষাৎকাৰত অষ্টিনে কয়, ‘আফগান সেনাই ঐক্যবদ্ধ যুদ্ধৰ প্ৰস্তুতি কৰিছে । কিন্তু তালিবানক বাধা দিব হ’লে, প্ৰথমে তেওঁলোকৰ আগ্ৰাসনৰ গতি মন্থৰ কৰিব লাগিব । তাৰ পাছতহে সৰ্বশক্তিৰে আক্ৰমণ কৰিব পৰা যাব । আমি বিশ্বাস কৰো যে নিজৰ অঞ্চল পুনৰ দখল কৰিব পাৰিব আফগানিস্তানে । কিন্তু তাৰ বাবে সময় লাগিব ।’

পেণ্টাগনে জনায়, ইতিমধ্যে আফগানিস্তানৰ অৰ্ধেকৰ বেছি অঞ্চল নিজৰ দখলত আনিছে তালিবানে । আফগানিস্তানৰ সীমান্ত অঞ্চলো দখল কৰাৰ চেষ্টা কৰিছে তেওঁলোকে । বাহিৰৰ কোনো দেশে যাতে আফগানিস্তানক সহায় কৰিব নোৱাৰে তাৰ বাবে সীমান্ত অঞ্চল দখল কৰাৰ চেষ্টা কৰিছে তেওঁলোকে ।

আমেৰিকাত ৯/১১ৰ আক্ৰমণৰ পাছৰ পৰা আফগানিস্তানত আমেৰিকাৰ সেনা মোতায়েন আছিল । কিন্তু সেই সেনা সম্পূৰ্ণ প্ৰত্যাহাৰ কৰা হৈছে । ইয়াৰ পাছতেই আফগানিস্তানক নিজৰ দখলত আনিব বিচাৰিছে সন্ত্ৰাসবাদীসকলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে জনাইছে যে, এই যুঁজত তেওঁলোক আফগানিস্তানৰ লগত আছে । ইতিমধ্যে আফগানিস্তানক সহায় কৰিবৰ বাবে বাইডেনে এশ মিলিয়ন ডলাৰ আৱন্তন কৰিছে । তালিবানী ঘাটিবোৰত বিমানেৰে আক্ৰমণ চলাইছে আমেৰিকাৰ বিমান বাহিনীয়েও ।

Exit mobile version