মহাৰাষ্ট্ৰত গভীৰ বৃষ্টিপাত, গোৱাত বান পৰিস্থিতি

goa flood

মহাৰাষ্ট্ৰৰ উপকূলৱৰ্তী অঞ্চল এতিয়াও প্ৰবল বৃষ্টিপাত আৰু গৰাখহনীয়াত বিপৰ্যস্ত । ইতিমধ্যে সমগ্ৰ ৰাজ্যখনত বৃষ্টিজনিত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ডেৰশ‌ও অতিক্ৰম কৰিছে । সেই সময়তেই বান পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱাত । বিগত কে’বাদিন ধৰি একেলেথাৰি হোৱা বৃষ্টিপাতৰ ফলত গোৱাৰ বিভিন্ন অঞ্চলত গৰাখহনীয়খ হৈছে । বৰষুণৰ পানীত ঘৰ-দুৱাৰ উটি গৈছে । ইতিমধ্যে কোটি কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে । মাণ্ডবী, দুধসাগৰ, খান্দেপাৰ, চাপোৰা, বলৱন্তী আদি নৈত পানী বিপদ সীমাৰ ওপৰত বৈছে ।

আজি উত্তৰ গোৱাৰ বিচোলিম তালুকত গৈ বান পৰিস্থিতিৰ খাতিয়ান লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে । তেওঁ সংবাদ মাধ্যমক জনায়, ১৯৮২ৰ পাছত ৰাজ্যখনত কেতিয়াও এনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । সেই সময়তো ইমান ক্ষয়-ক্ষতি হোৱা নাছিল, যিমান বিগত কেইদিনৰ বৰষুণত হৈছে । পানীত ডুব যোৱা বিভিন্ন অঞ্চলৰ পৰা প্ৰায় চাৰিশজন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰোৱা হৈছে । তেওঁলোকক স্থানীয় বিদ্যালয় আৰু আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে । উপকূলৰক্ষী বাহিনীয়ে বানপীড়িতসকলক আকাশ মাৰ্গেৰে খাদ্য আৰু খোৱা পানীৰ যোগান ধৰাৰ চেষ্টা কৰিছে । এই পৰ্যন্ত গোৱাত কোনো মৃত্যুৰ খবৰ পোৱা নাই যদিও ৰাজ্যৰ দক্ষিণৰ এখন জিলাত এগৰাকী মহিলা উটি যোৱাৰ খবৰ পোৱা গৈছে ।

মুখ্যমন্ত্ৰী সাৱন্তে জনায় যে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে ফোনত যোগাযোগ কৰিছে । গোৱাৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । বানপীড়িতসকলক সকলো ধৰণৰ সাহায্য দিয়াৰো আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সাত্তাৰি তালুক । সেই অঞ্চলৰ প্ৰায় ২১খন গাঁও বৰ্তমান পানীৰ তলত ।

মহাৰাষ্ট্ৰত ৮৪ হেজাৰ বাসিন্দাক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ উদ্ধাৰকাৰী দলৰ সংখ্যাও বৃদ্ধি কৰা হৈছে । মুম্বাই, ৰত্নাগিৰি, কোলাপুৰ, ঠাণে, পালঘৰ, ৰায়গড়, ছাতাৰাসহ কিছুসংখ্যক জিলাত ২৬ টা দল মোতায়েন কৰা হৈছে । আগন্তুক দুই-তিনিদিন মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে মুঠ ছখন জিলাত ।

বিগত তিনিদিন ধৰি বান আৰু খহনীয়াৰ ফলত দক্ষিণ-পশ্চিম ৰেল সেৱাও ব্যাহত হৈছে । কালি দুধসাগৰ-সোনাঅলিমৰ মাজ ভাগত এখন পেছেঞ্জাৰ ট্ৰেইনৰ দুটা ডবা খহনীয়াৰ ফলত লাইনচ্যুত হৈ গৈছিল । সেয়ে আজি সেই ৰুটৰ ১৫ খন ৰেল বাতিল কৰা হৈছে । অন্য কেইখনমান ৰেলৰ ৰুট পৰিৱৰ্তন কৰা হৈছে । বৃহৎ বিপৰ্যয় সংঘটিত নহ’বৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনায় ৰেল কৰ্তৃপক্ষ‌ই ।

কৰ্ণাটকতো প্ৰৱল বৃষ্টিপাত হৈছে । তাতেও ৰেল সেৱা বিপৰ্যস্ত হৈছে । মধ্যপ্ৰদেশৰ ২৪ খন জিলাত প্ৰৱল বৃষ্টিপাতৰ ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে । বিগত ২৪ ঘণ্টাত আগৰ-মালৱা জিলাত ২১১ মিলিমিটাৰ বৃষ্টিপাত হৈছে ‌। বান পৰিস্থিতিৰ বাবে সতৰ্ক প্ৰশাসন ।

Exit mobile version