হাতীগাঁৱত কৃত্ৰিম বানৰ তাণ্ডৱ

WhatsApp Image 2021 07 25 at 6.14.52 PM 1

আজি আবেলি এজাক বৰষুণতে মহানগৰীৰ ঠায়ে ঠায়ে বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰে । মহানগৰীৰে এল পি স্কুলৰ সমুখভাগ কিদৰে পানীয়ে জনজীৱন ব্যাহত কৰিছে সেয়া ওপৰৰ ফটোত স্পষ্ট ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰশাসনীয় হেমাহিৰ ফলতেই এই ওখ অঞ্চল সামান্য এচোৱা পানীত বুৰ গৈছে । প্ৰতিবাৰে বৰষুণৰ পানীৰে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰৰ বিভিন্ন অঞ্চলত । এই ভাষ্য স্থানীয় ৰাইজৰ, ‘বিগত ৪০ বছৰে হাতীগাঁৱত বাস কৰিছো । যোৱা তিনি-চাৰি বছৰৰ পৰা এই ঠাইখিনিত পানী হৈছে । নৰক যন্ত্ৰণা ভুগিছো । বহু ঘণ্টা ধৰি পানী জমা হৈ থাকে । আমি কৰ-কাটল আদায় দিও । চৰকাৰ-প্ৰশাসনেও দায়িত্ব পালন কৰক ।’

Exit mobile version