২৫ হেজাৰ বছৰ পূৰ্বেও কৰ’নাত বিপৰ্যস্ত হয় এছিয়া, দীৰ্ঘদিনলৈ ইয়াৰ প্ৰভাৱ আছিল

d41586 020 01989 z 18144964

আজিৰ পৰা প্ৰায় ২৫ হেজাৰ বছৰ আগতেও পৃথিৱীত দেখা দিছিল একেই ধৰণৰ মাৰাত্মক সংক্ৰমণে । ইউৰোপ-আমেৰিকা নহয়, সেইবাৰো এছিয়া জুৰি মৃত্যু তাণ্ডৱ চলিছিল, যাৰ বলি হৈছিল আমাৰ পূৰ্বপুৰুষসকল । মানৱ দেহৰ জিন’ম ছিকুৱেন্স পৰীক্ষণত এই তথ্য আৱিষ্কাৰ কৰিছে আমেৰিকাৰ ইউনিভাৰ্চিটী অৱ এৰিজ’না আৰু অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটী অৱ এডিলেডৰ গৱেষকসকলে ।

হেজাৰ হেজাৰ বছৰ আগতে মহামাৰীৰ বিৰুদ্ধে মানৱদেহত যি প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে, তাৰ স’তে এতিয়াৰ ছাৰ্ছ-ক’ভ-২ ভাইৰাছৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিৰোধ ক্ষমতাৰ সামঞ্জস্য পাইছে বৈজ্ঞানিকসকলে । তেওঁলোকৰ দাবী, অতীতত অতিমাৰীৰ প্ৰভাৱত মানৱদেহত যি বিৱৰ্তন ঘটিছে, সেই সম্পৰ্কে বিশদ তথ্য লাভ কৰিলে, কৰ’নাৰ প্ৰতিটো ৰূপৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা সম্ভৱ হ’ব পাৰে ।

বহু হেজাৰ বছৰ পূৰ্বে মূলতঃ এছিয়াত কৰ’নাৰ সংক্ৰমণ হৈছিল বুলি দাবী কৰিছে গৱেষকসকলে । ইউনিভাৰ্চিটী অৱ এৰিজ’নাৰ বাস্তৱবিদ্যা আৰু বিৱৰ্তনবাদৰ অধ্যাপক ডেভিদ এনাৰ্ডে কয়, ‘মানুহৰ ওপৰত ভাইৰাছৰ আক্ৰমণ চিৰস্থায়ী । মানুহৰ জিনৰ স্বাভাৱিক বিৱৰ্তনৰ অন্যতম চালিকাশক্তি ভাইৰাছ । কাৰণ, জিনেই মানুহক ভাইৰাছৰ বিৰুদ্ধে যুঁজত সহায় কৰে আৰু ভৱিষ্যৎ প্ৰজন্মৰ শৰীৰতো প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে । এইটোও সত্য যে অতীতত যি ঘটিছে, ভৱিষ্যতত তাৰেই পুনৰাবৃত্তি ঘটে ।’

এনাৰ্ড আৰু তেওঁৰ সহযোগীসকলে দুহেজাৰ ৫০৪জন মানুহৰ ২৬টা ধৰণৰ প্ৰজাতিৰ জিন’ম ছিকুৱেন্স পৰীক্ষা কৰি বহু বছৰ পূৰ্বে কৰ’না সংক্ৰমণৰ সন্ধান পাইছিল । বিভিন্ন বিজ্ঞান গৱেষণা পত্ৰিকাত ইতিমধ্যে তেওঁলোকৰ গৱেষণা প্ৰকাশিত হৈছে । এনাৰ্ড আৰু তেওঁৰ সহযোগীসকলে দাবী কৰে যে, কোনো লোক সংক্ৰমিত হ’লে, তেওঁৰ কোষৰ যাৱতীয় তন্ত্ৰত আক্ৰমণ কৰে কৰ’না ভাইৰাছে, যাতে কোষৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পাৰে । মানৱ দেহত উপস্থিত বিভিন্ন ধৰণৰ প্ৰ’টিনৰ ব্যৱহাৰ কৰি তেওঁলোকে এই কাম কৰে । কিছুসংখ্যক প্ৰ’টিনে আকৌ কৰ’নাৰ বিৰুদ্ধে কোষবোৰক যুঁজিবলৈও সহায় কৰে ।

গৱেষকসকলৰ দাবী, পূৱ এছিয়া বংশোদ্ভূত মানুহৰ জিন পৰীক্ষা কৰি পোৱা গৈছে যে তেওঁলোকৰ আগতেই কৰ’নাৰ স’তে সাক্ষাৎকাৰ হৈছে । মানৱ দেহৰ ৪২০ টা প্ৰ’টিন লৈ পৰীক্ষা কৰে বৈজ্ঞানিকসকলে । তাৰ ভিতৰত ৪২ টা প্ৰ’টিনৰ স’তে পাঁচ হেজাৰ বছৰ আগতেও কৰ’নাৰ নানা ৰূপৰ পৰিচয় হয় । দীৰ্ঘদিন ধৰি এই ভাইৰাছৰ স’তে প্ৰ’টিনবোৰৰ প্ৰমাণ পাইছে বৈজ্ঞানিকসকলে । সেয়ে তেওঁলোকৰ ধাৰণা, অতীততো মানুহ দীৰ্ঘদিন ধৰি কৰ’না ভাইৰাছত আক্ৰান্ত হৈ আছিল । এই ভাইৰাছ ছাৰ্ছ-ক’ভ-২ য়ে আছিল নে অন্য কিবা সেয়া জানি আৰু গৱেষণাৰ প্ৰয়োজন বুলি দাবী কৰে তেওঁলোকে ।

২০১৯ৰ শেষৰফালে চীনতেই প্ৰথম কৰ’নাৰ প্ৰাদুৰ্ভাৱ ঘটে । সময়ৰ সোঁতত ই সমগ্ৰ বিশ্বত বিয়পি পৰে । ২০০২ত চীনত ছাৰ্ছৰ (ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্ৰম) প্ৰকোপে দেখা দিয়ে । সেইবাৰ প্ৰায় আঠ হেজাৰ লোক সংক্ৰমিত হয় । আঠশ জনৰ মৃত্যু হয় । ইয়াৰ চাৰি বছৰ পাছত হয় মাৰ্ছ (মিডল ইষ্ট ৰেছপিৰেটৰী ছিণ্ড্ৰম) । ইয়াৰ ফলত চাৰিশজন লোক সংক্ৰমিত হয় । মৃত্যু হয় ৮৫০ জনৰ । তাৰ পৰাই কৰ’না ভাইৰাছ উদ্ভৱ হয় আৰু সমগ্ৰ বিশ্বত বিয়পি পৰিছে বুলি বৈজ্ঞানিকসকলে দাবী কৰে ।

Exit mobile version