‘ৰাষ্ট্ৰগান’ প’ৰ্টেল আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, ৰাষ্ট্ৰীয় সংগীত গাই অভিলেখ গঢ়িবলৈ আহ্বান দেশবাসীক

1616013374 5992

ভাৰতে স্বাধীনতাৰ ৭৫তম বৰ্ষত ভৰি থোৱাৰ পূৰ্বে ‘ৰাষ্ট্ৰগান’ প’ৰ্টেল আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১৫ আগষ্টৰ পূৰ্বে দেশবাসীক ৰাষ্ট্ৰীয় সংগীত গাই অভিলেখ গঢ়িবলৈ আবেদন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ।

দেওবাৰে ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত এই কথা জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘স্বাধীনতাৰ ৭৫তম বছৰত ভৰি থম আমি । সেই উপলক্ষে ‘আজাদি কা অমৃত মহোৎসৱ’ পালন কৰিব কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰণালয়ে । এই উৎসৱৰ বাবেই ৰাষ্ট্ৰগানৰ সিদ্ধান্ত লোৱা হৈছে । তাৰ বাবে ‘ৰাষ্ট্ৰগান ডট ইন’ (rashtragaan.in) নামৰ এটা প’ৰ্টেল আৰম্ভ কৰা হৈছে । ইয়াত সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাই ভিডিঅ’ ৰেকৰ্ড কৰি প্ৰেৰণ কৰিব পাৰিব । আহক আমি ৭৫ লাখৰো অধিক ভিডিঅ’ৰ লক্ষমাত্ৰা গঢ়ো ।’

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘এই ৱেবছাইটৰ জৰিয়তে প্ৰচাৰৰ স’তে আমি জড়িত হ’ব পাৰিম । আমি ভাগ্যৱান যে দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ সাক্ষী হ’ম । আমি সকলোৱে এই দিনটো উদ্‌যাপন কৰিম । আগন্তুক বৰ্ষৰ ১২ মাৰ্চৰ পৰা আহমেদাবাদৰ সবৰমতী আশ্ৰমত এই উৎসৱৰ সূচনা হ’ব ।’

Exit mobile version