গোসাঁইগাওঁৰ ঘুগুঝোৰাত যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰী

WhatsApp Image 2021 07 26 at 6.10.28 PM

গোসাইগাঁও মহকুমাত ব্লেক মেনৰ আতংক চলি থকাৰ সময়তে মহকুমাটোৰ ঘুগুঝোৰাত এগৰাকী যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত এগৰাকী কিশোৰী গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ আছে৷

উক্ত ঘটনাই সমগ্ৰ মহকুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তথ্য অনুসৰি আহত কিশোৰীগৰাকী গাঁওখনৰ নিবাসী বাংলা হাচদাৰ কন্যা ৰানী হাচদা (১৩) ৷

ৰাইজে ইতিমধ্যে আক্ৰমনকাৰী কাষৰীয়া বৰবিল গাঁৱৰ সকল চোৰেৰৰ পুত্ৰ দীলিপ চোৰেক আটক কৰিছে ৷ ধৃত যুবকগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ পত্নীক হত্যা কৰাৰ পৰিকল্পনাৰে আহিছিল যদিও নিশাৰ এন্ধাৰৰ বাবে চিনিব নোৱাৰি খুলশালিয়েকক আক্ৰমণ কৰে ৷

নিশা বেকী দাৰ আক্ৰমনত তেজেৰে লুতুৰি পুতুৰি হোৱা অষ্টম শ্ৰেনীত অধ্যয়নৰত কিশোৰীগৰাকীক ৰাইজে ততাতৈয়াকৈ গোসাইগাঁও মহকুমা আৰ এন বি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে।

Exit mobile version