তিনিচুকীয়াৰ গুইজানত উপস্থিত আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

তিনিচুকীয়াৰ গুইজানত উপস্থিত হৈ ডিব্ৰু নদীয়ে সৃষ্টি কৰা গড়াখহনীয়া পৰিদৰ্শন কৰাৰ লগতে চৰকাৰৰ কামকাজসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰিদৰ্শন কৰে সম্পাদকগৰাকীয়ে৷

ডিব্ৰু নদীৰ কাষতে অৱস্থিত ৰঙ্গাগড়া চাহ বাগিছাৰ কলঘৰৰ লগতে মটক ৰজা সৰ্বানন্দ সিংহৰ মৈদাম গৰাখহনীয়াৰ পৰা সংৰক্ষণ কৰাৰ দাবী জনায় সংগঠনটোৱে ৷

লগতে, বৰুৱাই ৰঙ্গাগড়া চাহ বাগিছাৰ কলঘৰৰ গড়াখহনীয়া ৰোধ কৰাৰ কাৰণে চৰকাৰ তথা বিভাগীয় বিষয়াসকলে পুৰণিকলীয়া জিঅ’বেগৰ ব্যৱহাৰ কৰাক লৈ তীব্ৰ সমালোচনা কৰাৰ লগতে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি বহু ইতিহাসৰ স’তে জৰিত সৰ্বানন্দ সিংহৰ মৈদাম, ৰঙ্গাগড়া চাহ বাগিছাৰ কলঘৰ তথা বাগিছাৰ সংৰক্ষণ কৰাৰ দাবী জনায় চৰকাৰক ৷

Exit mobile version