দিল্লীৰ নতুন মহাৰাষ্ট্ৰ সদনত জুইৰ সামান্য সূত্ৰপাত

সোমবাৰে পুৱা কেজি মাৰ্গৰ নতুন মহাৰাষ্ট্ৰ সদনৰ প্ৰথম মহলত জুইৰ সামান্য সূত্ৰপাত হয় ।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনায় যে কোনো লোক আহত হোৱা নাই ।

পুৱা ৯-০৪ বজাত অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিটা দল ঘটনাস্থলীত উপস্থিত হয় । পুৱা ৯.১৫ পৰ্যন্ত জুই নিয়ন্ত্ৰণত আহে ।

প্ৰাথমিকভাৱে কৰ্মকৰ্তাসকলে শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাত শ্বৰ্ট চাৰ্কিট হোৱা বুলি সন্দেহ কৰিছে ।

নিউ মহাৰাষ্ট্ৰ সদনৰ এজন বিষয়াই কয় যে, প্ৰথম মহলত ৰাজ্যপালৰ ছুটত জুই লাগে আৰু ১৫ মিনিটৰ ভিতৰতে জুই নিয়ন্ত্ৰণত আহে ।

Exit mobile version