দেশত প্ৰথমঃ ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত কাৰাদণ্ড সাংসদক

maloth1

দেশত প্ৰথমবাৰলৈ নিৰ্বাচনত উৎকোচ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰ সন্মুখীন হ’ল তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ)ৰ এগৰাকী সাংসদ । ২০১৯ৰ সাধাৰণ নিৰ্বাচনত ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হোৱা লোকসভাৰ এই সাংসদগৰাকী হৈছে মাল’থ কবিতা । হায়দৰাবাদত বিশেষ ছেছন আদালতে এই সম্পৰ্কীয় গোচৰৰ ৰায়দানত এইদৰে এগৰাকী সাংসদক ভোটাৰক উৎকোচ দিয়াৰ বাবে শাস্তি বিহাক লৈ দেশজুৰি চৰ্চা হৈছে ।

এই ৰায়দানত সাংসদ মাল’থ আৰু তেওঁৰ সহযোগী ছৌকত আলীক ১০ হেজাৰ টকা জৰিমনাসহ ছমাহৰ কাৰাদণ্ড বিহে ন্যায়াধীশ ডি আৰ আৰু বাৰা প্ৰসাদে । অৱশ্যে আদালতে দুয়োকে উচ্চ আদালতত আবেদন জনোৱাৰ বাবে জামিন মঞ্জুৰ কৰে । উল্লেখ্য যে মাল’থ কবিতা মাহবুবাবাদৰ সাংসদ ।

২০১৯ৰ লোকসভা নিৰ্বাচনত সাংসদগৰাকীৰ সহযোগী আলীক ভোটৰ বিনিময়ত পাঁচশ টকাকৈ ভোটাৰক বিলাই থকা অৱস্থাতে কৰায়ত্ত কৰিছিল নিৰ্বাচনী ফ্লাইং স্কোৱাডে । অতিৰিক্ত চৰকাৰী অধিবক্তা জি নাৰায়ণে কয়, ‘ফ্লাইং স্কোৱাডে আলীক হাতে-লোটে ধৰা পেলাইছিল । কবিতাৰ হৈ ধন বিলোৱা বুলি আলীয়ে স্বীকাৰ কৰিছে ।’

গোচৰমৰ্মে আলী প্ৰথম অভিযুক্ত আৰু কবিতা দ্বিতীয় অভিযুক্ত । দুই অপৰাধীক ভাৰতীয় দণ্ডবিধিৰ ১৭১-ই (উৎকোচৰ বাবে শাস্তি)ৰ অধীনত শাস্তি বিহা হৈছে । শুনানি কালত সাংসদ আৰু সহযোগী আলীৰ লগতে ফ্লাইং স্কোৱাডৰ বিষয়াসকল উপস্থিত আছিল । বিষয়াসকলে সাক্ষ্য প্ৰদান কৰে ।

Exit mobile version