কোটি টকাৰ আন্তৰ্জাতিক লেনদেন, ৰাজ-শিল্পাৰ যুটীয়া একাউন্ট নিৰীক্ষণ অপৰাধ দমন শাখাৰ

atpbpcio raj kundra

পৰ্ণগ্ৰাফী গোচৰত এইবাৰ মুম্বাই অপৰাধ দমন শাখাৰ নিৰীক্ষণৰ অধীনত আছে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্ট । তথ্য অনুসৰি পঞ্জাৱ নেচনেল বেংকৰ স’তে এটা যুটীয়া একাউণ্ট খুলিছিল শিল্পা চেট্টী।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, শিল্পা আৰু ৰাজৰ এই যুটীয়া একাউণ্টৰ পৰা কোটি কোটি টকাৰ লেনদেন হয়। যাৰ মাজত কে’বাটাও আন্তঃৰাষ্ট্ৰীয় লেনদেন অন্তৰ্ভুক্ত আছে।

অপৰাধ দমন শাখাৰ সন্দেহ হটশ্বটৰ আৰু কেনৰিন লিমিটেডৰ পৰা উপাৰ্জন কৰা ধন এই একাউণ্টলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও ৰাজ কুন্দ্ৰাৰ আৰু এটা একাউন্ট অস্ব য’ত কেৱল ৰাজৰ নামত আছে । কিন্তু আশ্চৰ্যজনক যে, ২০১৬ চনৰ পৰা ৰাজ কুন্দাৰ এই একাউন্টৰ পৰা কোনো লেনদেন হোৱা নাই।

২৩ জুলাইত মুম্বাই অপৰাধ দমন শাখাই শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ ঘৰত তালাচী চলাইছিল। সেইদিনাই শিল্পাক প্ৰশ্ন কৰাৰ লগতে তেওঁৰ সকলো একাউণ্টৰ বিৱৰণ লোৱা হৈছেনে। । ইফালে, আফ্ৰিকাৰ এটা বেংক একাউণ্টেও ৰাজৰ একাউণ্টত লেনদেন কৰাৰ তথ্য প্ৰকাশ পাইছে । অপৰাধ দমন শাখাই সন্দেহ কৰিছে যে ৰাজে অনলাইন বেটিঙত পৰ্ণগ্ৰাফী ব্যৱসায়ৰ পৰা ধন বিনিয়োগ কৰিছিল।

সূত্ৰ অনুসৰি, মাৰ্কাৰী ইণ্টাৰনেচনেল নামৰ এটা কোম্পানী আছে যাৰ ইউনাইটেড বেংক অৱ আফ্ৰিকাত একাউণ্ট আছে । কোম্পানীটোৱে অনলাইন বেটিং আৰু কেচিনো গেমিঙত কাম কৰে। ৰাজ কুন্দ্ৰাৰ য়েছ বেংক একাউণ্টত এই কোম্পানীটোৰ বেংক একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন আহিছে । সেয়ে অপৰাধ দমন শাখাই সন্দেহ কৰে যে ৰাজ কুন্দ্ৰাই অনলাইন বেটিঙৰ বাবে পৰ্ণগ্ৰাফী ধন ব্যৱহাৰ কৰিছিল।

Exit mobile version