অসম আৰু ভাৰতক ভালপােৱা সকলােৱেই আহিব : মুখ্যমন্ত্রী

বিধায়ক সুশান্তৰ বিজেপি গমনৰ ইংগিত পাই ফেপেৰি পাতিছে দুৱৰীয়ে

Sushanta Borgohain File picture

ৰূপজ্যোতি কুৰ্মীৰ পাছত এইবাৰ বিজেপিত যােগ দিবলৈ সাজু হৈছে কংগ্ৰেছৰ থাওৰাৰ বিধায়ক সুশান্ত বৰগােহাঁই। কংগ্ৰেছৰ পূব অসমৰ অন্যতম শক্তিশালী যুৱ নেতা বৰগােহাঁয়ে সকলাে ঠিকে-ঠাকে থাকিলে অহা দুই আগষ্টত শাসনাধিষ্ঠ দলটোত যােগ দিব।

ইয়াকে লৈ কংগ্ৰেছ-বিজেপি উভয় শিবিৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰগােহাঁইৰ নাম উল্লেখ নকৰাকৈ মন্তব্য কৰে যে অসম আৰু ভাৰতক ভাল পােৱা সকলােৱে বিজেপিলৈ আহিব।

তাৰ বিপৰীতে বিজেপিৰ থাওৰা সমষ্টিকে ধৰি দলটোৰ পূব অসমৰ বহু নেতা-কর্মীয়ে কংগ্ৰেছ বিধায়কজনৰ আগমনক লৈ সন্তুষ্ট হােৱা নাই। থাওৰাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা এইবাৰ বৰগােহাঁইৰ হাতত অতি কম ভােটৰ ব্যৱধানত পৰাজিত হােৱা কুশল দুৱৰীয়ে ইতিমধ্যে নিজৰ অসন্তুষ্টি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে।

বৰগােহাঁই বিজেপিত যােগ দিলে সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হ’ব। স্বাভাৱিকতে উপ-নির্বাচনত প্রার্থিত্ব লাভৰ দৌৰত বৰগােহাঁই আগত থকাৰ সম্ভাৱনা অধিক। যদিহে বৰগােহাঁয়ে প্রার্থিত্ব লাভ কৰে থাওৰা বিজেপিত বিসম্বাদে তীব্র ৰূপ ধাৰণ কৰাৰ ইংগিত দিছে সমষ্টিটোৰ দলীয় কর্মীসকলে।

একেদৰে পূব অসমৰ বিজেপিৰ ৰাজনীতিতাে বৰগােহাঁইৰ আগমনৰ সম্ভাৱনাই জোঁকাৰণিৰ সৃষ্টি কৰিছে। বিশেষকৈ দলটোৰ কেবাখনাে জিলা সমিতিয়ে বৰগােহাঁইৰ আগমনক লৈ ৰাজ্যিক বিজেপিৰ সভাপতিসহ একাংশ জ্যেষ্ঠ নেতাৰ ওচৰত অসন্তুষ্টি ব্যক্ত কৰিছে।

কংগ্ৰেছৰ নেতাৰ এনে আগমনে আগন্তুক দিনত বিজেপিক কিমানদূৰ শক্তিশালী কৰি ৰাখিব তাক লৈ পূব অসমৰ সংশ্লিষ্ট নেতাসকলে যথেষ্ট সন্দেহ প্রকাশ কৰিছে। একেদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কংগ্ৰেছ শিবিৰতাে।

যি সময়ত প্রদেশ কংগ্ৰেছে এজন নতুন সভাপতি লাভ কৰিছে সেই সময়ত দলটোৰ দ্বিতীয়জন বিধায়কে বিজেপিত যােগ দিয়াটো নিশ্চিত কৰাত পূব অসমত দলৰ ওপৰত ব্যাপক নেতিবাচক প্রভাৱ পেলাব বুলি সকলােৱে আশংকা ব্যক্ত কৰিছে।

সেয়েহে বৰগােহাঁইক দল নেৰিবলৈ প্রদেশ কংগ্ৰেছৰ কে’বাজনাে জ্যেষ্ঠ নেতাই অনুৰােধ জনাইছে যদিও তেওঁ কাৰাে কথাত গুৰুত্ব দিয়া নাই। বৰঞ্চ বৰগােহাঁইৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে বিগত দিনবােৰত তেওঁক দলে যি ধৰণে উপেক্ষা কৰিছিল সেই ক্ষোভ কেৱল থাওৰাতে নহয় শিৱসাগৰৰ কংগ্ৰেছ শিবিৰত আজিও বাহাল আছে।

গতিকে তেওঁ বিজেপিলৈ গ’লে বহু কংগ্রেছীয়ে তেওঁক অনুসৰণ কৰিব। কংগ্ৰেছে বিগত দিনবােৰত উপেক্ষা কৰাৰ কথা বৰগােহাঁয়ে আজি ক্ষোভেৰে প্ৰকাশ কৰে। অহা ৩০ জুলাইত থাওৰাৰ বিধায়কজনে বিধায়ক পদ এৰাৰ সম্ভাৱনা আছে।

Exit mobile version