অসম-মিজোৰাম সীমান্ত বিবাদক লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সংবাদ মেল

ছহিদ জোৱানৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ

Screenshot 20210727 142532 com.facebook.katana

অসম আৰু মিজোৰাম সীমান্তৰ বিবাদক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদ মেলত মুখ্যমন্ত্ৰী ড° শৰ্মাই সংঘৰ্ষত ছহিদ জোৱানৰ পৰিয়ালসকলক ৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ লগতে কয় যে, মিজোৰামে কেন্দ্ৰৰ নিৰ্দেশ ভংগ কৰিছে ।

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মন্তব্য, ‘বিগত ছমাহ ধৰি মিজোৰামৰ কিছু আৰক্ষী আৰু ব্যক্তিয়ে অসমৰ সীমা অধিগ্ৰহণ কৰাৰ বাবে প্ৰায় পাঁচটা ছেক্টৰত প্ৰচেষ্টা চলাই আহিছে । অসমে যোৱা ছমাহত সাংবিধানিক সীমা সুৰক্ষিত কৰাৰ বাবে আৰু শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰাৰ প্ৰচেষ্টা চলাই আহিছে ।’

 

তেওঁ লগতে কয়, ‘মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাক মই প্ৰস্তাৱ দিছিলো আমাৰ চৰকাৰে শপতগ্ৰহণৰ দিনাখন অসমৰ সীমাক ছেটেলাইটেৰে ফটোগ্ৰাফী কৰিম আৰু যিধৰণৰ ফটোগ্ৰাফী আহে, আমি তেনে ধৰণৰে স্থিতাৱস্থা বাহাল ৰাখিম । মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে মোক পত্ৰ লিখি জনাইছিল যে, তেওঁৰ এই কথাত কোনো আপত্তি নাই ।’

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, যোৱা আঠ তাৰিখে নতুন দিল্লীত দুজন মুখ্য সচিবৰ মাজত হোৱা বৈঠকত অসমৰ ফালৰ পৰা ছেটেলাইটৰ ফটোগ্ৰাফী অনুযায়ী সীমা অটুট ৰখাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু মিজোৰামৰ মুখ্য সচিবে এই কথাত সন্মত নহয় । তেওঁলোকে মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিঙত স্বাক্ষৰ নকৰে ।

Exit mobile version