ইউডিএফ বিধায়কৰ নির্বাচন অবৈধ ঘােষণাৰ দাবীৰে আদালতত বিজেপি প্রার্থী

bCffcB9X

এআইইউডিএফৰ আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ নির্বাচন অবৈধ ঘােষণাৰ দাবীৰে সমষ্টিটোৰ বিজেপি প্রার্থী মুন স্বর্ণকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গােচৰ ৰুজু কৰিছে।

ADVERTISEMENT

এই মর্মে শুনানি গ্রহণ কৰি মঙলবাৰে আদালতে চৌধুৰীলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে। অহা তিনি আগষ্টত গােচৰৰ পুনৰ শুনানিৰ দিন ধার্য কৰা হৈছে। স্বর্ণকাৰে চৌধুৰীৰ নির্বাচন বাতিল কৰিবলৈ আবেদন জনাইছে।

গুচৰীয়া স্বর্ণকাৰৰ আবেদন মর্মে চৌধুৰীৰ বিৰুদ্ধে তিনিখন এজাহাৰ বিচাৰাধীন হৈ আছে যদিও তেওঁ নির্বাচনী শপতনামাত মাত্র এখন এজাহাৰৰ বিষয়ে উল্লেখ কৰিছে।

আন তিনিখন এজাহাৰৰ বিষয়ে চৌধুৰীয়ে শপতনামাত উল্লেখ কৰা নাই। তদুপৰি শপতনামাত তেওঁ সম্পত্তিৰ বিষয়ে পূর্ণ তথ্য দাখিল কৰা নাই। তৃতীয়তে গুচৰীয়া পক্ষই বিধায়কজনৰ নাম সম্পৰ্কীয় বিসংগতিও আবেদনত উল্লেখ কৰে।

গুচৰীয়া পক্ষৰ মতে চৌধুৰীৰ প্রকৃত নাম আৰু শপতনামাত উল্লেখ থকা নামৰ মাজত তথ্য বিসংগতি আছে। এই বিষয়টোৰ নিয়ম অনুসৰি মনােনয়ন পৰীক্ষাৰ সময়ত ৰিটার্ণিং বিষয়াই পৰীক্ষা কৰি ত্রুটি শুধৰাবলৈ ক’ব লাগিছিল যদিও তেনে কৰা নহ’ল।

তদুপৰি এই ভুল তেওঁৰ চকুত পৰা নাছিল বুলি বিষয়াজনে এটা নির্দেশ প্ৰেৰণ কৰিব লাগিছিল, সেয়াও কৰা নহ’ল। গুচৰীয়া পক্ষই আবেদনত উল্লেখ কৰে যে জনপ্রতিনিধিৰ আইন অনুসৰি চৌধুৰীৰ মনােনয়নখন অনুপযুক্ত।

এনে হ’লে নির্বাচন অবৈধ বুলি ঘােষণাৰ ভিত্তি থাকে বুলিও আদালতত যুক্তি দর্শায় গুচৰীয়া পক্ষৰ অধিবক্তাই। এই মর্মে শুনানিৰ পাছত আদালতে অহা তিনি আগষ্টৰ ভিতৰত চৌধুৰীক তেওঁৰ নির্বাচন কিয় বাতিল কৰা নহ’ব এই বিষয়ে উত্তৰ দিবলৈ নিদের্শ দিছে। উল্লেখ্য যে আদালতত গুচৰীয়া পক্ষৰ হৈ যুক্তি প্রদর্শন কৰে অধিবক্তা পদ্মধৰ নায়কে।

Exit mobile version