কোনোবাটো পৰিত্যক্ত, আকৌ কোনোবাটো পৰিণত আছে পৰ্যটনস্থলীত

বিপুল অর্থ ব্যয়সাপেক্ষে নির্মিত অলিম্পিক ক্রীড়াগ্রামৰ পৰিণতি

d5fe7d45 a209 4e53 8177 2ef0e0188173 Sarajevo olympic village Giles Clarke Getty

প্রাচীন গ্রীচত আৰম্ভ হৈছিল অলিম্পিক। যীশুক মান্যতা দিয়াৰ বাবে ধর্মীয় উৎসৱৰূপে অলিম্পিয়া নামেৰে গ্ৰীচৰ অলিম্পিয়া চহৰত এই অলিম্পিক আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়। এতিয়া সেই অলিম্পিকেই হৈ পৰিছে সমগ্র বিশ্বৰ ক্রীড়াবিদসকলৰ এক ক্রীড়া উৎসৱ।

প্রতি চাৰি বছৰৰ ব্যৱধানত অনুষ্ঠিত হােৱা এই অলিম্পিকলৈ প্রত্যেক ক্রীড়াবিদৰ লগতে ক্রীড়াপ্রেমীয়েও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ১৮৯৬ত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হৈছিল। ১৮৯৪ত সেই আধুনিক অলিম্পিকৰ ধাৰণাটো মানুহৰ মনলৈ আনিছিল ফ্রান্সৰ বেৰণ পিয়েৰে দ্য কুবাৰটিনে।

কোন চহৰত অলিম্পিক অনুষ্ঠিত হ’ব সেয়া বহু বছৰৰ আগতেই স্থিৰ হয়। সেই ঘােষণা অনুসৰিয়ে সেই চহৰ বা দেশখনে বহু আগৰে পৰাই প্রস্তুতি আৰম্ভ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ প্রতিযােগীয়ে সেই চহৰত উপস্থিত হয় অলিম্পিকৰ পদক জয়ৰ লক্ষ্যৰে।

তেওঁলােকৰ লগত থাকে প্রশিক্ষক, চিকিৎসক, অন্যান্য সহকাৰী তথা পৰিয়ালৰ লােকো। এনে বিশাল সংখ্যক মানুহৰ থকা- খােৱা তথা বিভিন্ন প্রতিযােগিতা আয়ােজনৰ বাবে অতি বৃহৎ অঞ্চলৰ প্রয়ােজন হয়। লগতে প্রয়ােজন হয় বৃহৎ আকাৰৰ আন্তঃগাঁথনিৰ।

এখন গাঁও যিমান ডাঙৰ হ’ব পাৰে, অলিম্পিক বাবে সেই আকাৰৰ বা তাতকৈ ডাঙৰ অঞ্চলৰ প্রয়ােজন হয়। সেই বাবেই যত অলিম্পিক অনুষ্ঠিত হয়, তাৰ সংলগ্ন খেলুৱৈক ৰখা বিশাল অঞ্চলটোক অলিম্পিক গেমছ ভিলেজ বা ক্রীড়াগ্রাম বুলি কোৱা হয়। জাপানৰ মাটিত এই সর্ববৃহৎ ক্রীড়া প্রতিযােগিতা দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে।

ইয়াৰ পূর্বে ১৯৬৪ত টকিঅ’তেই অলিম্পিক অনুষ্ঠিত হৈছিল। ২০১১ত ফুকুশ্বিমাত ভূমিকম্প আৰু ছুনামিৰ পাছত ২০১৩ৰ সাত ছেপ্টেম্বৰত চৰকাৰীভাৱে আন্তর্জাতিক অলিম্পিক কমিটীয়ে ঘােষণা কৰিছিল যে ২০২০ অলিম্পিক টকিঅ’ত অনুষ্ঠিত হ’ব।

তেতিয়াৰ পৰাই টকিঅ’ই অলপ অলপকৈ ইয়াৰ প্রস্তুতি আৰম্ভ কৰিছিল। সমগ্র দেশৰ ক্রীড়াবিদসকলৰ সমাবেশত যিমান বিপুল পৰিমাণৰ লাভৰ বিষয়টো নিহিত থাকে, সেইদৰে অলিম্পিক আয়ােজনৰ বিশাল ব্যয়ৰ ভাৰাে সংশ্লিষ্ট চহৰখনেই বহন কৰিবলগীয়া হয়। বিশাল অংকৰ ধন ব্যয় কৰি এইবাৰ ১১ হেজাৰ ৩২৪জন ক্রীড়াবিদ তথা বহু সংখ্যক প্রশিক্ষক, চিকিৎসক, সহকাৰী আদিৰ থকা-খােৱাৰ ব্যৱস্থা আৰু ৩৩৯টা ইভেণ্টৰ প্রতিযােগিতাৰ আয়ােজন কৰিছে টকিঅ’ চহৰে।

ইয়াৰ বাবে নিৰ্মাণ কৰা হৈছে। সুবিশাল তথা অত্যাধুনিক অলিম্পিক ক্রীড়াগ্রাম। এই ক্ষেত্ৰত জাপানৰ আনুমানিক ব্যয় হৈছে প্রায় ১৫ হেজাৰ চাৰিশ কোটি ডলাৰ। অথচ অলম্পিক সমাপ্ত হােৱাৰ পাছত বিপুল অর্থ ব্যয় কৰি নির্মাণ কৰা এই ক্রীড়াগ্রাম সমূহৰ অৱস্থা কি হয়, তাৰ খবৰ কোনেও নাৰাখে।

পুনৰ পৰৱৰ্তী অলিম্পিকত ব্যৱহাৰ কৰা হ’ব বুলি সংৰক্ষণাে কৰি ৰাখিব নােৱাৰি। কিয়নাে উক্ত চহৰখনে পুনৰ কেতিয়ালৈ অলিম্পিক আয়ােজনৰ দায়িত্ব পাব, সেয়া কোনেও ক’ব নােৱাৰে। পালেও তাৰ সময়ৰ ব্যৱধান ইমানেই বেছি হ’ব যে সেই ক্রীড়াগ্রাম ব্যৱহাৰৰ যােগ্য হৈ থাকিব নে নাই, তাৰাে কোনাে নিশ্চয়তা নাথাকে।

টকিঅ’ত নির্মাণ কৰা ক্রীড়াগ্রামৰ ভৱিষ্যৎ কি হ’ব, সেয়া এতিয়াও নির্ধাৰণ কৰা নাই। অৱশ্যে এতিয়ালৈকে যিমান অলিম্পিক অনুষ্ঠিত হৈছে তথা যিমানবােৰ অলিম্পিক ক্রীড়াগ্রাম নির্মাণ হৈছে, সেই সকলােবােৰৰে ভৱিষ্যৎ পৰিণতি পৰস্পৰৰ পৰা পৃথক হােৱা দেখা গৈছে।

কোনােবাটো যদি পুনৰ ব্যৱহাৰ কৰা হৈছে, আন কোনাে ক্রীড়াগ্রাম সম্পূর্ণৰূপে পৰিত্যক্ত অৱস্থাত পৰি আছে। ১৯৯৬ৰ আটলান্টা অলিম্পিক অনুষ্ঠিত হৈছিল চেণ্টেনিয়েল অলিম্পিক পির্কত। পাছত এই পার্কত সাধাৰণ মানুহৰ ব্যৱহাৰৰ বাব নতুনকৈ সজাই তােলা হৈছিল। পার্কত অনুষ্ঠিত অলিম্পিকৰ স্মৃতিৰূপে এক স্মাৰকো নির্মাণ কৰা হৈছে।

সাধাৰণ লােকৰ বাবে এই পার্ক এক দর্শনীয় স্থান। ক্রীড়াবিদসকলে থকাৰ বাবে কাষতে থকা ক্লার্ক আটলান্টা বিশ্ববিদ্যালয়ৰ চৌহদত অসংখ্য সৰু সৰু ঘৰ নিৰ্মাণ কৰা হৈছিল। সেইবােৰ পৰৱর্তী সময়ত বিশ্ববিদ্যালয়খনৰ ছাত্রাবাসত পৰিণত হয়।

১৯৯২ৰ অলিম্পিকৰ পূর্বে স্পেইনৰ বাৰ্চিলােনাত কোনাে উন্নত সাগৰৰ উপকূল নাছিল। অলিম্পিকৰ সময়ত মিছৰৰ পৰা বালি আনি সাগৰৰ তীৰত থকা ঘৰ-দুৱাৰ ভাঙি চহৰখনে এক বিশাল উপকূল তৈয়াৰ কৰে। অলিম্পিক ক্রীড়াগ্রামৰে অন্তৰ্গত আছিল এই বীচ্চ।

অলিম্পিকে বার্চিলােনাক নতুন ৰূপ প্রদান কৰিছিল। সম্প্রতি এই বীচ্চ বিশ্বৰ অন্যতম পর্যটনস্থলীত পৰিণত হৈছে। প্রতিযােগীসকলক ৰখা ঘৰত এতিয়া পর্যটকসকলে নিশা কটায়। অষ্ট্রেলিয়াৰ ছিডনী অলিম্পিক পার্কত অনুষ্ঠিত হৈছিল ২০০০ৰ অলিম্পিক।সম্প্রতি উক্ত পার্কত বিভিন্ন সামাজিক অনুষ্ঠান, খেলা, ব্যৱসায়িক সন্মিলন তথা অন্যান্য অনুষ্ঠানৰ আয়ােজন কৰা হয়।

ক্রীড়াগ্রামৰ খেলুৱৈ থকা ঠাইবােৰ এতিয়া আবাসস্থলীত পৰিণত হৈছে। ১৯৯১ত গ্ৰীচৰ এথেন্সত মেডিটেনিয়ান গেমছ অনুষ্ঠিত হৈছিল। ২০০৪ৰ অলিম্পিকতাে এথেন্সৰ মেডিটেৰিনিয়ান গেমছৰ ক্রীড়াগ্রামক পুনৰ ব্যৱহাৰ কৰা হয়। তাৰ পাছৰ পৰা ইয়াক আবাসস্থলীত পৰিণত কৰা হৈছে।

সম্প্রতি উক্ত ক্রীড়াগ্রামত প্রায় ১০ হেজাৰ লােকে বাস কৰে। প্রতিযােগিতা শেষ হােৱাৰ পাছত ক্রীড়াগ্রামসমূহ কিদৰে কামত লগাব পাৰি তাৰেই উদাহৰণ হৈছে আটলান্টা, বার্চিলােনা, ছিডনী বা এথেন্স। আকৌ এনে উদাহৰণাে অনেক আছে, যত ক্রীড়াগ্রামসমূহক সঠিক ৰূপত ব্যৱহাৰ কৰা হােৱা নাই। বিশাল অংকৰ সম্পত্তিক যেন নষ্ট হােৱাৰ বাবেই পেলাই ৰখা হৈছে।

তাৰেই এক উদাহৰণ ইউৰােপৰ ব’ছনিয়া এণ্ড হার্জেগ’ভিনাৰ ছাৰাজেভাে শীতকালীন অলিম্পিক ক্রীড়াগ্রাম। ১৯৮৪ত এই বিশাল ক্রীড়া প্রতিযােগিতা আয়ােজন কৰি ইতিহাস ৰচনা কৰিছিল ছাৰাজেভােৱে। প্রথমবাৰলৈ কোনাে কমিউনিষ্ট দেশত শীতকালীন অলিম্পিকৰ আয়ােজন কৰা হৈছে।

অৱশ্যে ১৯৮০ত প্রথম কমিউনিষ্ট দেশৰূপে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হৈছিল গ্রীষ্মকালীন অলিম্পিক। ছাৰাজেভাে শীতকালীন অলিম্পিকৰ পাছত সেই ক্রীড়াগ্রাম আজি পর্যন্ত পৰিত্যক্ত হৈ আছে। ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ পাছত আয়ােজকসকলে সিদ্ধান্ত লৈছিল যে ক্রীড়াগ্রামৰ বিভিন্ন অঞ্চল পুনৰ ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ ভিতৰত অন্যতম আছিল সাঁতােৰৰ বিভিন্ন প্রতিযােগিতাৰ বাবে নির্মাণ কৰা একুৱাটিক চেণ্টাৰ। অথচ অলিম্পিক শেষ হােৱাৰ পাছত সেই একুৱাটিক চেণ্টাৰ আজি পর্যন্ত বন্ধ হৈ আছে। ২০২০ৰ বাবেই টকিঅ’ত বিপুল অংকৰ ধন ব্যয় কৰি ক্ৰীড়াগ্রাম নির্মাণ কৰা হৈছে। অতিমাৰীৰ কথা মনত ৰাখি অতিৰিক্ত সতর্কতা অবলম্বন কৰাৰ বাবে মাত্রাধিক খৰচো বহন কৰিবলগীয়া হৈছে। অলিম্পিক শেষ হােৱাৰ পাছত এই ক্রীড়াগ্রামৰ কি পৰিণতি হয়, সেয়া সময়তহে দেখা যাব।

Exit mobile version