জুবিন গাৰ্গক আক্রমণ কৰা দুবৃর্তই এইবাৰ আক্রমণ কৰিলে কণ্ঠশিল্পী জাষ্টিনক

১৮ জনীয়া দলত চাউলিং-হীৰক ৰাজবংশী

1608578464 22zubin1 5

ৰাজধানী মহানগৰীতএকপ্রকাৰ সন্ত্রাস সৃষ্টি কৰি অহা এটা গুণ্ডাৰ দলক আক্ৰমণৰ বলি হ’ল কণ্ঠশিল্পী জাষ্টিন দাস। সম্প্রতি ঘটনাৰ সংক্ৰান্তত দাসে গীতানগৰ আৰক্ষী থানাত অভিযােগ দাখিল কৰিছে আৰু ২৯১/২০২১ নম্বৰত এক গােচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, এগৰাকী অভিনেত্রীৰ বাবেই এই সংঘাতৰ সৃষ্টি হৈছিল।অভিযােগকাৰীয়ে আৰক্ষীৰ আগত সদৰী কৰা ভাষ্য অনুসৰি, যােৱা ২৪ জুলাইৰ পৰা চাউলিং বুঢ়াগােহাঁই নামৰ যুৱকজনে জাষ্টিনক ফোন কৰি উষা কোর্টৰ ওচৰৰ বি মাৰ্টলৈ মাতি পঠিয়ায়।

কিন্তু সেই দিনটোত তেওঁ নােযােৱাত চাউলিঙে ৰাতি প্রায় ৫০ বাৰ ফোন কৰে বুলি প্ৰকাশ কৰিছে। কালি পুৱা ফোন কৰি মাতি থকাৰ পাছত দিনৰ দুই বজাত তাত উপস্থিত হােৱাৰ পাছতে চাউলিঙৰ লগত থকা প্রায় ১৮জনীয়া এটা দলে জাষ্টিনৰ ওপৰত আক্রমণ চলায়।

এই আক্রমণত উদীয়মান কণ্ঠশিল্পীজন আঘাতপ্রাপ্ত হােৱাৰ উপৰি তেওঁ ডিঙিত পিন্ধি থকা সােণৰ চেইন আৰু ৯,৭৩০ টকাসহ তেওঁৰ মানি বেগটো অন্তর্ধান হােৱা বুলি আৰক্ষীক অভিযােগ দিছে।

উল্লেখ্য যে আক্রমণকাৰী দলটোত জুবিনক আক্রমণ কৰা ঘটনাত জড়িত এন এছ ইউ আই নেতা হীৰক ৰাজবংশী আৰু তেওঁৰ গুণ্ডাবাহিনী থকা বুলি জাষ্টিনে সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰিছে।

সম্প্রতি আৰক্ষীয়ে আক্রমণকাৰী দলটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে। আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি, চাউলিঙৰ ঘৰ যােৰহাট জিলাত।

Exit mobile version