দক্ষিণ চীন সাগৰত কৃত্রিম দ্বীপত সামৰিক শক্তি বৃদ্ধি চীনৰ

2019 04 15T132432Z 217646843 S1AETOHVDTAA RTRMADP 3 SOUTHCHINASEA RULING

দক্ষিণ চীন সাগৰত চীনৰ দাদাগিৰিৰ অন্ত নপৰা হৈছে। আমেৰিকাই শেহতীয়াভাৱে কৃত্রিম উপগ্রহৰ জৰিয়তে লাভ কৰা ফটোত দক্ষিণ চীন সাগৰৰ কৃত্রিম দ্বীপত চীনে সৈন্য আৰু অস্ত্র-শস্ত্র বৃদ্ধি কৰাৰ চাঞ্চল্যকৰ তথ্য ধৰা পৰিলে।

দক্ষিণ চীন সাগৰত থকা কৃত্রিম দ্বীপত চীনে বৃহৎ পৰিমাণৰ যুঁজাৰু বিমান, অত্যাধুনিক হেলিকপ্টাৰ, বিমান ধ্বংসকাৰী ক্ষেপণাস্ত্র আদি মজুত কৰি ৰখাৰ তথ্য এই ফটোত স্পষ্ট হৈছে।

তদুপৰি চীনে শেহতীয়াভাৱে কৃত্রিম দ্বীপত নিয়ােজিত সৈনিকৰ সংখ্যাও বৃদ্ধি কৰিছে। চীনৰ এনেবােৰ আগ্রাসী সামৰিক কার্যকলাপত তীব্র অসন্তুষ্টি আৰু উদ্বিগ্নতা প্রকাশ কৰিলে টাইৱান, ভিয়েটনাম, জাপান, মালয়েছিয়া, ইন্দোনেছিয়া, ব্রুনেই আৰু ফিলিপাইন্সে।

মূলত ও দক্ষিণ চীন সাগৰত চীনে চলাই অহা এনে আধিপত্যৰ ফলতে এইসমূহ দেশৰ স’তে বেইজিঙৰ সংঘাত বৃদ্ধি পাইছে।

Exit mobile version