দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ, পি এইচ ডি, এম ফিল পাঠ্যক্ৰমৰ নামভৰ্তি আৰম্ভ

25473 DU New

দিল্লী বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজিৰে পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিলে । স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগতে দিল্লী বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, পি এইচ ডি আৰু এম ফিল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ‘এপ্লিকেচন উইণ্ডো’ ইতিমধ্যে মুকলি কৰা হৈছে ।

অহা ২১ আগষ্টৰ ভিতৰত উপৰোক্ত পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰাব পাৰিব । নামভৰ্তিৰ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ে এটা নামভৰ্তি প’ৰ্টেল মুকলি কৰিব ।

এই প’ৰ্টেলটোৱে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ আবেদনপত্ৰ পূৰণ, মাচুল জমা আদিৰ সন্দৰ্ভত প্ৰয়োজনীয় তথ্য পাতি আগবঢ়াব ।

Exit mobile version