লাইলাপুৰত ছহিদ পাঁচ জোৱানক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

চুবুৰীয়া ৰাজ্যৰ স’তে অসমৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কালি কাছাৰৰ মিজোৰাম সীমান্তত চূড়ান্ত ৰূপ ধাৰণ কৰে । মিজো আৰক্ষীৰ নেতৃত্বত বৃহৎসংখ্যক দুৰ্বৃত্তই কাছাৰৰ সীমান্তত অসমৰ প্ৰশাসন, আৰক্ষী আৰু স্থানীয় লোকৰ ওপৰত ভয়াৱহ আক্ৰমণ চলায় । এই ঘটনাত পাঁচজন অসম আৰক্ষী নিহত হয় । লগতে দুজন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱায় । তদুপৰি ৭১ জন আৰক্ষী আহত হয় ।

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লাইলাপুৰ সংঘৰ্ষত আহত হৈ শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা আৰক্ষী জোৱানসকলৰ স্বাস্থ্যৰ খাতিয়ান লয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পাঁচজন ছহিদ জোৱানক ‌কাছাৰৰ এছ পি কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনায় ।

Exit mobile version