অভিলেখ : তিনি মাহত প্ৰথমবাৰ টেছলাই অৰ্জন কৰিলে এক বিলিয়ন ডলাৰৰ মুনাফা

1206292068.jpg

আমেৰিকাৰ সৰ্ববৃহৎ বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই প্ৰথমবাৰৰ বাবে তিনি মাহত এক বিলিয়ন ডলাৰতকৈ অধিক পৰিমাণৰ মুনাফা অৰ্জন কৰিলে ।

বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাহিকত বৈদ্যুতিক গাড়িৰ অভিলেখসংখ্যক বিক্ৰীৰ জৰিয়তে এলন মাস্ক মালিকানাধীন টেছলাই ১.১ বিলিয়ন ডলাৰৰ মুনাফা অৰ্জন কৰিলে ।

যোৱা বছৰৰ এই একেটা সময়ত টেছলাই ১০৪০ লাখ ডলাৰ উপাৰ্জন কৰিছিল । টেছলাই প্ৰকাশ কৰা অনুসৰি, কোম্পানীটোৰ ৰাজহ এবছৰ পূৰ্বৰ ত্ৰিমাহিকৰ ৬.০৪ বিলিয়ন ডলাৰৰ পৰা দুগুণ বৃদ্ধি পাই ১১.৯৬ বিলিয়ন ডলাৰ হ’ল ।

টেছলাৰ স্বত্বাধিকাৰী মাস্কে কোম্পানীটোৰ এই বাণিজ্যিক সফলতাক বাস্তৱত এক অবিশ্বাস্য মাইলৰ খুঁটি আখ্যা দিলে ।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে টেইলাই ভাৰতত বৈদ্যুতিক গাড়ী উৎপাদন কাৰখানা স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । তদুপৰি টেছলাই নিৰ্মাণ কৰা গাড়ীৰ শ্ব’ৰূমো ভাৰতৰ একাধিক চহৰত মুকলি কৰাৰ পৰিকল্পনা টেছলাই গ্ৰহণ কৰিছে ।

Exit mobile version